/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/06c9a32a-84f9-4dc7-b48b-74249e3b8772/tanjania_06.jpg)
Tanzania
ডিজিটেল ডেস্কঃ দেওবাৰে এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয় তাঞ্জানিয়াত। বিমানবন্দৰত অৱতৰণৰ সময়তে এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৯ জনকৈ যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো যাত্ৰী সন্ধানহীন হৈ আছে।
তাঞ্জানিয়াৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দুৰ্ঘটনাত পতিত হোৱা প্ৰিচিচন এয়াৰলাইনছৰ ঘৰুৱা বিমানখন বুকোবাত অৱতৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱায়। যাৰ বাবে বিমানখন বিমানবন্দৰটোৰ কাষতে থকা ভিক্টোৰিয়া হ্ৰদত পৰেগৈ।
ঘটনা সংঘটিত হোৱাৰ লগতে স্থানীয় প্ৰশাসন আৰু উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান চলাই ততাতৈয়াকৈ ২৩ জন যাত্ৰীক উদ্ধাৰ কৰে যদিও বৰ্তমানেও ২৬ জনকৈ যাত্ৰী সন্ধানহীন হৈ আছে। বিমানখনত আছিল মুঠ ৪৯ জন যাত্ৰী। উদ্ধাৰ হোৱা যাত্ৰীসকলৰ ভিতৰত ১৯ জনৰে ইতিমধ্যে মৃত্যু হৈছে বুলি প্ৰকাশ পাইছে।
ইফালে আঞ্চলিক আৰক্ষী কমাণ্ডাৰ উইলিয়াম মৱাম্পাঘলে বুকোবা বিমানবন্দৰত সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি বিমানখন য'ত দুৰ্ঘটনাত পতিত হৈছে তাৰ পৰা বিমানবন্দৰলৈ দূৰত্ব মাত্ৰ ১০০ মিটাৰ। বিমানখনত আছিল দুজন পাইলট আৰু দুজন কেবিন ক্ৰু। অভিশপ্ত এই বিমানখন তাঞ্জানিয়াৰ বিত্তীয় ৰাজধানী দাৰ এছ ছালামৰ পৰা কাগেৰা অঞ্চললৈ ৰাওনা হৈছিল।
দুৰ্ঘটনাত পতিত হোৱা বিমানখনৰ অধিকাংশই হ্ৰদটোৰ পানীত ডুব গৈ আছে। পানীৰ মাজৰ পৰাই যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে উদ্ধাৰকাৰীয়ে। এই দুৰ্ঘটনাৰ পিছতে তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি চামিয়া চুলুহু হাছানে দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। তেওঁ সকলোকে শান্তি বজাই ৰাখিবলৈ আহ্বান জনাই এক টুইট কৰিছে। য'ত উদ্ধাৰ অভিযান অব্যাহত থকাৰ কথাও প্ৰকাশ কৰিছে।