/asomiyapratidin/media/media_files/2026/02/05/udjjd-2026-02-05-22-26-53.jpg)
ডিজিটেল ডেস্কঃ ছিংগাপুৰৰ সাগৰৰ মাজত য়ট পাৰ্টিৰ আয়োজন কৰা মানুহজন আছিল তন্ময় ফুকন। জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ তালিকাত আছিল তন্ময়। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া এই তন্ময় ফুকনেই শ্যামকানুৰ পৰা অনুমতি লৈ সাগৰৰ মাজত আয়োজন কৰিছিল য়ট পাৰ্টি আৰু লৈ গৈছিল জুবিন গাৰ্গক। এই য়ট পাৰ্টিত কি ঘটনা ঘটিল সেয়া অসমবাসীক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।
শেহতীয়াকৈ সামাজিক মাধ্যমত চৰ্চা হৈছে যে, এই তন্ময় ফুকনক গ্ৰেপ্তাৰ কৰা হৈছে। বতাহৰ গতিত সামাজিক মাধ্যমত বিয়পি পৰিছে এই খবৰ। কিন্তু কিমান সচাঁ এই খবৰ! সচাঁকৈয়ে গ্ৰেপ্তাৰ কৰা হৈছেনে তন্ময় ফুকনক? বৰ্তমান ছিংগাপুৰত থকা তন্ময় ফুকনকে ধৰি ১২প্ৰৱাসী অসমীয়াক একপ্ৰকাৰৰ ৰেহাই দিছে অসম আৰক্ষীয়ে। গতিকে তেওঁলোকক গ্ৰেপ্তাৰ যদি কৰে, তেন্তে কৰিব লাগিব ছিংগাপুৰ আৰক্ষীয়ে।
কিন্তু বৰ্তমান তদন্ত প্ৰক্ৰিয়া অব্যাহত থকা ছিংগাপুৰ আৰক্ষীয়ে তন্ময় ফুকনক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা খুবেই কম। কিয়নো যোৱা মঙলবাৰে আৰু বুধবাৰে দুদিন ধৰি ছিংগাপুৰৰ ষ্টেট কৰনাৰ আডাম নাখোডাই ধাৰাবাহিকক শুনানি গ্রহণ কৰি অহা ১৩ মাৰ্চত জুবিনৰ মৃত্যুৰ গোচৰটোৰ চুড়ান্ত ৰায় ঘোষণা কৰাৰ দিন নির্ধাৰণ কৰিছে। ইয়াৰ পূৰ্বে কৰৰ্নাছ আদালতে বিগত ১৪ জানুৱাৰীত জুবিনৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ প্রথমটো শুনানি গ্রহণ কৰিছিল।
প্ৰথম দিনাৰ শুনানিত ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰা জুবিনৰ মৃত্যুক লৈ তদন্তৰ প্রতিবেদন দাখিল কৰিছিল। প্রথম শুনানিৰ প্ৰায় এপষেকৰ পাছত মঙলবাৰে কৰৰ্নাছ আদালতে জুবিনৰ মৃত্যুক লৈ দ্বিতীয় দিনাৰ বাবে শুনানি গ্রহণ কৰে। মঙলবাৰৰ শুনানিত জুবিনৰ অন্তিম সময়ৰ সংগী তথা য়টখনৰ যাত্রী ৬ প্রবাসী অসমীয়া ক্রমে তন্ময় ফুকন, দেবজ্যোতি হাজৰিকা, সিদ্ধার্থ বৰা, প্রীতম ভূঞা, জিয়ালান্সাৎ, নাৰ্জাৰী আৰু সুস্মিতা গোস্বামীৰ সাক্ষ্য গ্রহণ কৰে আদালতে।
তদুপৰি কেপ্পেল বে' মেৰিনাৰ প'ৰ্ট অফিচাৰ ছাৰ্লচ আলেকজেণ্ডাৰ ভিছুজাৰো সাক্ষ্য গ্রহণ কৰে কৰচনাছ আদালতে। আনহাতে বুধবাৰৰ শুনানিত ন্যায়াধীশ আডাম নাখোডাই জুবিনৰ অন্তিম সময়ৰ সংগী আন ৪ প্রবাসী অসমীয়া ক্রমে পৰীক্ষিত শৰ্মা, বাজিদ আলম আহামেদ, অভিমন্যু তালুকদাৰ আৰু ভাস্কৰজ্যোতি দাসৰ সাক্ষ্য গ্রহণ কৰিছিল।
কার্যতঃ বুধবাৰৰ শুনানিত প্রবাসী অসমীয়াকেইজনে শ্যামকানু মহন্তই তেওঁৰ জুবিনৰ প্ৰতি প্ৰদৰ্শন কৰা আচৰণৰ স্বৰূপ উন্মোচন কৰে। অন্তিম দুয়োটা দিনৰ শুনানিত জুবিন গাৰ্গৰ পৰিয়ালৰ হৈ কৰনাৰ্ছ ক'ৰ্টত উপস্থিত থাকে খুড়াক মনোজ কুমাৰ বৰঠাকুৰ আৰু আত্মীয় ৰাহুল গৌতম শর্মা।
অহা ১৩ মাৰ্চত প্রদান কৰিবলগীয়া ৰায়দানৰ সময়ত জুবিনৰ পৰিয়ালৰ সদস্য উপস্থিত নাথাকিলেও হ'ব বুলিও বুধবাৰৰ শুনানিৰ সময়ত জনাই দিয়ে ন্যায়ধীশ আদাম নাখোডাই। এনেদৰে ছিংগাপুৰৰ আৰক্ষীক তদন্ত প্ৰক্ৰিয়াত সহায় কৰা এই প্ৰৱাসী অসমীয়াসকলক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা খুবেই কম। এনে প্ৰক্ষাপটত তন্ময় ফুকনক গ্ৰেপ্তাৰ হোৱা চৰ্চা ভুৱা বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us