তামিলনাডুত বাছ দুৰ্ঘটনা : শিশুসহ ১১ যাত্ৰী নিহত, ৬০ গৰাকী আহত...

তামিলনাডুৰ শিৱগংগা জিলাৰ কুমমাংগুডিৰ সমীপত দেওবাৰে সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। তামিলনাডু পৰিবহণ নিগমৰ বাছৰ মুখামুখি সংঘৰ্ষত ১১ জন লোক নিহত হোৱাৰ বিপৰীতে ৬০ জন লোক আহত হৈছে। 

author-image
Asomiya Pratidin
New Update
362

ডিজিটেল ডেস্ক : তামিলনাডুৰ শিৱগংগা জিলাৰ কুমমাংগুডিৰ সমীপত দেওবাৰে সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। তামিলনাডু পৰিবহণ নিগমৰ বাছৰ মুখামুখি সংঘৰ্ষত ১১ জন লোক নিহত হোৱাৰ বিপৰীতে ৬০ জন লোক আহত হৈছে। 

উল্লেখযোগ্য যে, আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি শিৱগংগা জিলাত সংঘটিত পথ দুৰ্ঘটনাত নিহত ১১জনৰ মাজত শিশুৱো আছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকৰ উপৰি আন বাছযাত্ৰীৰ সহায়ত দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা যাত্ৰীসকলক উদ্ধাৰ কৰে আৰক্ষীয়ে। 

ইতিমধ্যে নিহতসকলৰ চিনাক্তকৰণ প্ৰক্ৰিয়া চলি থকাৰ লগতে আহতসকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে আৰক্ষীয়ে।

তামিলনাডু