/asomiyapratidin/media/media_files/2025/08/26/breaking-news-2025-08-26-21-52-09.jpg)
ডিজিটেল সংবাদ, তামাৰহাটঃ তামাৰহাট বাঘডোকৰা চৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। পানীত পৰি মৃত্যু হল দুগৰাকী স্কুলীয়া ছাত্ৰীৰ।
মৃত্যু দুই ছাত্ৰীক মোহছিনা খাতুন আৰু আফছানা খাতুন বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে বাবলু শ্বেখৰ কন্যা মোহছিনা খাতুন চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আছিল। আনহাতে, আব্দুল আলিমৰ কন্যা আফছানা খাতুন আছিলদ্বিতীয় শ্ৰেণীৰ ছাত্ৰী। দুয়োগৰাকীয়ে বাঘডোকৰা চৰ এল, পি, স্কুলৰ ছাত্ৰী।
জানিব পৰা মতে, বিদ্যালয়ৰ পৰা আহি গংগাধৰৰ সুঁতিত গা ধুবলৈ গৈছিল দুয়োগৰাকী ছাত্ৰী। তাৰপাছতে দুয়ো গভীৰ পানীত নিখোজ হয়। স্থানীয় লোকে অভিযান চলাই দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে। আনহাতে, কিছুসময়ৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় তামাৰহাট আৰক্ষী। আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।