চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ গুৰুতৰ অভিযোগ

ধুবুৰীৰ আগমনি শিক্ষা খণ্ডৰ অন্তৰ্গত পলাশকান্দি এম, ই স্কুলৰ প্ৰধান শিক্ষক শ্বেখ আব্দুল্লাহৰ বিৰুদ্ধে এই অভিযোগ ।

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল সংবাদ,তামাৰহাটঃ  তামাৰহাটত এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ গুৰুতৰ অভিযোগ । প্ৰধান শিক্ষকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ চহী আৰু ছিল জাল কৰি বেংকৰ পৰা মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ কৰা আৰু বিদ্যালয়ত নতুনকৈ ৰান্ধনী নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। 

image (31)

উল্লেখ্য যে,  ধুবুৰীৰ আগমনি শিক্ষা খণ্ডৰ অন্তৰ্গত পলাশকান্দি এম, ই স্কুলৰ প্ৰধান শিক্ষক শ্বেখ আব্দুল্লাহৰ বিৰুদ্ধে এই অভিযোগ । এই ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু অভিভাৱকে বিভাগীয় কতৃপক্ষক কেইবাবাৰো প্ৰধান শিক্ষকৰ বিৰুদ্ধে লিখিত অভিযোগ দিছিল। ইপিনে  প্ৰধান শিক্ষকেৰে গোপন বুজাবুজিৰ ফলত কতৃপক্ষই এই ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগো আহি পৰিছে । 

WhatsApp Image 2025-11-27 at 9.24.09 AM

তাৰোপৰি প্ৰধান শিক্ষক পৰিচালনা সমিতিক অৱগত নকৰাকৈ সভাপতিকে ধৰি সকলো সদস্যৰ চহী জাল কৰি ৰান্ধনী নিযুক্তি দিয়া আৰু মধ্যহ্ন ভোজনৰ আবন্টিত ধন আত্মসাৎ কৰা ঘটনাক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে পৰিচালনা সমিতি আৰু অভিভাৱক সকল । ইয়াৰ লগতে বিদ্যালয়ৰ মাটি বেদখল কৰাৰো অভিযোগ । সমগ্ৰ বিষয়ৰ ওপৰত তদন্ত কৰি প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অভিভাৱক সকলে ।

WhatsApp Image 2025-11-27 at 9.24.01 AM

তামাৰহাট