/asomiyapratidin/media/media_files/2025/10/01/fdfdfdf-2025-10-01-22-51-03.jpg)
ডিজিটেল সংবাদ, তামাৰহাটঃ তামাৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। তামাৰহাট আৰক্ষীৰ কোবত এজন যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। যাৰবাবে দুৰ্গা পুজাৰ মাজতে তামাৰহাটৰ মেচপাৰা গাঁৱত উত্তপ্ত পৰিস্থিতি।
এই ঘটনা সংঘটিত হৈছিল যোৱা ২৮ ছেপ্টেম্বৰ তাৰিখে। দুৰ্গা পূজাৰ বাবে পাবলগীয়া ধন বিচাৰি ডিংডিঙা গাঁৱৰ হাবুল আলীৰ ঘৰলৈ যায় মেছপাৰা গাঁৱৰ ৰাকেশ কুমাৰ ৰায়। লগত লৈ যায় একেখন গাঁওৰে মনোহৰ ৰায় আৰু গণেশ ৰায়ক। তিনিও মিলি হাবিবুল শ্বেখৰ ঘৰত উপস্থিত হোৱাত হাবিবুলৰ সন্মান লাঘৱ হোৱা বুলি তামাৰহাট থানাত ফোন যোগে অৱগত কৰে।
ফোন পাই তামাৰহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল বৰা উপস্থিত হয় ঘটনাস্থলীত। হাবুলৰ ঘৰৰ পৰা তামাৰহাট OCয়ে তিনিজনকে থানালৈ নিয়ে। ইয়াৰ পাছতে অভিযোগ অনুসৰি থানাত তিনিওকে গুৰুলা গুৰুল কৈ মাৰধৰ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/01/whatsapp-image-2025-10-01-22-52-38.jpeg)
পিছত অসুস্থ অৱস্থাত পৰিয়ালৰ লোকৰ তিনিওকে সমজাই দিয়ে আৰক্ষীয়ে। তিনিজনৰ ভিতৰত চিকিৎসাধীন অৱস্থাত মনোহৰ ৰায়ৰ আজি পুৱা মৃত্যু হয়। ইয়াৰ পাছতে আৰক্ষীৰ কোবত মৃত্যু হোৱাৰ অভিযোগত পৰিস্থিতি উত্তপ্ত হৈ পৰে।
ইফালে, মনোহৰ ৰায়ৰ ঘৰত উপস্থিত হয় অতিৰিক্ত আৰক্ষী বিষয়া, সমজিলাৰ আৰক্ষী বিষয়া। তামাৰহাট আৰক্ষী বিষয়া কপিল বৰাক নিলম্বন আৰু হাবিবুলক গ্ৰেপ্তাৰ নকৰালৈকে মৃতদেহ মৰনোত্তৰ পৰীক্ষালৈ নিয়াত বাধা প্ৰদান কৰে স্থানীয় ৰাইজে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/01/whatsapp-i-2025-10-01-22-51-52.jpeg)
আনহাতে,আৰক্ষীয়ে কোবাই আহত কৰা তিনিজনকে স্বাস্থ্য পৰীক্ষাৰ বাবে তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয়। তাতে চিকিৎসকে গুৰুতৰ আহত সকলক চোৱা চিতা নকৰাকৈ আৰক্ষীৰ কথা মতে আহত সকলক চিকিৎসালয়ৰ বাহিৰত বহাই ৰাখি স্বাস্থ্য পৰীক্ষা সম্পূৰ্ণ কৰাৰ অভিযোগো ৰাইজে উত্থাপন কৰিছে। উল্লেখ্য যে, মৃত মনোহৰ ৰায়ৰ আছে এবছৰীয়া কন্যা সন্তান।
ইফালে, ৰাইজৰ মাজত তীব্ৰ উত্তেজনাৰ পাছতে তামাৰহাট থানাৰ OC কপিল বৰাক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে।