বিদ্যুতৰ পোহৰৰ পৰা বঞ্চিত গৰুমাৰাৰচৰৰ গাঁৱৰ ৰাইজ

উন্নয়নৰ পোহৰ নেদেখা এখন গাওঁ। স্বাধীনতাৰ পাছৰ পৰাই বিদ্যুতৰ পোহৰ নেদেখা নাই এই গাওঁখনে। হাতে হাতে প্লেকাৰ্ড লৈ গাঁৱৰ পথত ওলাই আহিল বিদ্যুৎ বঞ্চিত গাঁৱৰ ৰাইজ।

author-image
Asomiya Pratidin
New Update
4

ডিজিটেল ডেস্কঃ উন্নয়নৰ পোহৰ নেদেখা এখন গাওঁ। স্বাধীনতাৰ পাছৰ পৰাই বিদ্যুতৰ পোহৰ নেদেখা নাই এই গাওঁখনে। হাতে হাতে প্লেকাৰ্ড লৈ গাঁৱৰ পথত ওলাই আহিল বিদ্যুৎ বঞ্চিত গাঁৱৰ ৰাইজ। গাঁওবাসীৰ এটাই কথা No Electricity, No Vote। নিৰ্বাচনৰ পূৰ্বে বিদ্যুৎ দিয়ক ভোট লওঁক।এই শ্ল'গানেৰে গাঁৱৰ পুৰুষ মহিলাই সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। ৰাইজমেল বহি গ্ৰহণ কৰিছে সিধান্ত। 

বিটিচিৰ কোকৰাঝাৰ জিলাৰ তিনি নং পৰিষদীয় সমষ্টিৰ অসম বংগ সীমান্তৰ গৰুমাৰাৰচৰ গাঁৱৰ ৰাইজ এক প্ৰকাৰ ক্ষোভিত হৈ পৰিছে।  ভাৰতবৰ্ষৰ প্ৰতিখন গাঁৱতে বিদ্যুৎ সংযোগ হোৱা বুলি কেন্দ্ৰীয় চৰকাৰে উন্নয়নৰ ফুলজাৰি মাৰি থকাৰ সময়তে পোহৰলৈ আহিছে বিদ্যুৎ বিহীন গৰুমাৰাৰচৰ গাঁওখন। গাঁওখনৰ দুখীয়া ৰাইজৰ একমাত্ৰ ভৰষা হাৰিকেন আৰু কেৰাচিনৰ চাকি। চাকিৰ পোহৰতে পঢ়া শুনা কৰি ছাত্ৰ-ছাত্ৰীয়ে দেখিছে সপোন। 

কিছুসংখ্যক লোক নিজাববীয়াকৈ স্থাপন কৰিছে সৌৰশক্তি। গোসাঁইগাঁও বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত ২ নং গৰুমাৰাৰচৰ গাঁওখনত নিৰ্বাচনৰ পূৰ্বে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই বিদ্যুৎ সংযোগৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হ'ব লক্ষণীয়। 

তামাৰহাট