বিকশিত অসমৰ এখন অবিকশিত গাঁও

উন্নয়নৰ মূখ নেদেখা এখন গাওঁ। বিদ্যুৎ সংযোগ, বিশুদ্ধ খোৱা পানীৰ ব্যাৱস্থা,পকি বাট-পথ,উচ্চ শিক্ষানুষ্ঠান, স্বাস্থ্য সেৱা,জলসিঞ্চন আদি সকলো সুবিধাৰ পৰা বঞ্চিত গাঁওখনৰ ৰাইজ ।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল সংবাদ,তামাৰহাটঃ বিকশিত অসমৰ এখন অবিকশিত গাঁও। গাঁওখনত নাই কোনো উন্নয়নৰ চিনচাব। চৰকাৰৰ উন্নয়নৰ বতাহে চুব পৰা নাই গাঁওখনক। বিদ্যুৎ সংযোগ, বিশুদ্ধ খোৱা পানীৰ ব্যাৱস্থা,পকি বাট-পথ,উচ্চ শিক্ষানুষ্ঠান, স্বাস্থ্য সেৱা,জলসিঞ্চন আদি সকলো সুবিধাৰ পৰা বঞ্চিত এই গাঁওখনৰ ৰাইজ । এই গাঁওখন  হৈছে অসম-বংগ সীমান্তৰ কোকৰাঝাৰ জিলাৰ ৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টি তথা নৱ গঠিত পাঁচ নং পৰ্বতঝোৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ২ নং গৰুমাৰা চৰ গাঁও । 

উন্নয়নৰ জয়গান গোৱা ট্ৰিপল ইঞ্জিন চৰকাৰৰ উন্নয়নৰ গংগাই চুব পৰা নাই গাঁওখনক । সেয়ে গাঁও খনৰ ৰাইজে গাঁও খনৰ উন্নয়ন হলেহে ভোট প্ৰদান কৰিব বুলি ৰাইজমেল পাতি গ্ৰহণ কৰিছে সিদ্ধান্ত।অন্যথা বিধানসভা নিৰ্বাচনত ভোট বর্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁৱৰ ৰাইজে । 

উল্লেখযোগ্য যে- উক্ত গাঁওখন পূৰ্বতে গোসাঁইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল যদিও সমষ্টি সমূহ পুনৰ গঠন হোৱাত গাঁওখন ৫ নং পৰ্বতঝোৰা বিধান সভা সমষ্টিত চামিল হয়। গাঁওখনত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা । গাঁওখনত জল জীৱন মিছনৰ আঁচনি স্থাপন কৰি ঘৰে ঘৰে নলা স্থাপন কৰিছে যদিও আজিকোপতি নোলাল এটুপি বিশুদ্ধ খোৱাপানী । ৰাইজে ব্যক্তিগত ভাৱে দমকল স্থাপন কৰিছে যদিও সেই পানীও আৰছেনিক যুক্ত ব্যৱহাৰৰ নহয় উপযোগী। ফলত সোণকোষ নদীয়ে খোৱা পানীৰ একমাত্ৰ উৎস। সেই পানী পান বিভিন্ন সময়ত বেমাৰত আক্ৰান্ত হয় গাঁওখনৰ ৰাইজ। 

দ্বিতীয় সমস্যা হ'ল বিদ্যুৎ । ভাৰতবৰ্ষৰ প্ৰতিখন গাওঁতে বিদ্যুৎ সংযোগ সম্পূৰ্ণ হোৱা বুলি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ডাক ঢোল বজাই আছে । কিন্তু গাঁওখনত আজিলৈকে  বিদ্যুৎ সংযোগ নহ'ল । সেয়ে আৰ্থিক ভাৱে স্বাৱলম্বী লোকসকলে নিজাববীয়াকৈ সৌৰশক্তি লাইটৰ(ছোলাৰ) ব্যাৱস্থা কৰি লৈছে । দুখীয়া ৰাইজৰ হাৰিকেন বা কেৰাচিনৰ চাকিয়েই একমাত্ৰ ভৰষা । ম'বাইল চাৰ্জ দিবলৈ হ'লেও গাঁৱৰ ৰাইজে যাবলগীয়া হয় পশ্চিমবংগলৈ । তৃতীয় সমস্যা হ'ল যাতায়ত । প্ৰতি বছৰেই বাৰিষাৰ সময়ত সোণকোষ নদীৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰে গাঁও খনৰ বাটপথ । কিন্তু নহয় মেৰামতি । ফলত বাৰিষা কালত বোকা-পানী আৰু খৰালি কালত বালিময় আৰু ধুলিময় পথেৰে গাঁওবাসীয়ে যাতায়ত কৰিবলগীয়া হয় । 

পকী পথ বা আৰ চি চি ব্লকৰ পথ দুৰৰ কথা  গাঁওখনৰ কোনো এটা বাট পথতে আজিলৈ পৰা নাই শিল । এয়াই গাঁওখনৰ যাতায়তৰ বাস্তৱ ৰূপ । চতুৰ্থ সমস্যা হ'ল চিকিৎসা।গাঁওখনৰ ওচৰে পাজৰে কোনো ধৰণৰ চিকিৎসা ব্যাৱস্থা নথকাৰ ফলত প্ৰাথমিক চিকিৎসাৰ বাবেও ৰাইজে যাবলগীয়া হয় দূৰ দূৰণিলৈ। ইপিনে পঞ্চম সমস্যা হ'ল শিক্ষা। শিক্ষাৰ নামত গাঁওখনত আছে ২ নং গৰুমাৰাৰ চৰ এল পি স্কুল নাৰ এক মাত্ৰ প্ৰাথমিক বিদ্যালয় । যোৱা দুবছৰ ধৰি বিদ্যালয় খনত এগৰাকী শিক্ষকে ১০০ জন ছাত্ৰ-ছাত্ৰীক পাঠদান দি আহিছে । উচ্চ প্ৰাথমিক শিক্ষাৰ বাবেও ছাত্ৰ-ছাত্ৰী সকলে দূৰ দূৰণিলৈ যাব লগীয়া হয় । ষষ্ঠ সমস্যা হ'ল গৰাখহনীয়া। গাঁওখনৰ কাষেৰে বৈ গৈছে সোণকোষ নদী । সোণকোষ নদীৰ গৰাখহনীয়াই ইতিমধ্যে গাঁওখনৰ চল্লিশ শতাংশ ভূমি নদীৰ বুকুত বিলীন কৰি পেলাইছে । কিন্তু চৰকাৰৰ পৰা গাঁওবাসীয়ে গঢ়াখহনীয়া প্ৰতিৰোধৰ বাবে কোনো আঁচনি লাভকৰিবলে সক্ষম হোৱা নাই । ইপিনে প্ৰতি বছৰে অহা বান পানীৰ ফলত গাঁও খন জলমগ্নহৈ পৰে । বাৰিষা আহিলে বিপদ শংকুল হৈ পৰে জনজীৱন । বাট-পথ উটুৱাই নিয়াত টুলুঙা নাওঁ হৈ পৰে যাতায়াতৰ একমাত্ৰ ভৰষা । 

সপ্তম সমস্যা হ'ল জলসিঞ্চন ।গাঁওখনৰ ৰাইজৰ জীৱিকাৰ একমাত্ৰ ভৰষা হ'ল কৃষি । কিন্তু বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয় কৃষকৰ । কাৰণ গাঁওখনত কোনো ধৰণৰ  জলসিঞ্চনৰ আঁচনি নাই । আনহাতে বিদ্যুৎ নথকাৰ বাবে নিজা ববীয়াকৈ স্থাপন কৰিব পৰা নাই খেতি পথাৰত পনী যোগান ধৰিব পৰা কোনো ব্যৱস্থা । উল্লেখ্য যে গাঁও খনত মুঠ ১২০০ ভোটাৰ আছে । কি বিটিচি পৰিষদীয় নিৰ্বাচন, কি বিধানসভা নিৰ্বাচন, কি লোকসভা নিৰ্বাচন প্ৰতিটো নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দল আৰু প্ৰাৰ্থী সকলে উক্ত গাঁও খনলৈ গৈ ভোট বিচৰাৰ লগতে উক্ত ছলন্ত সমস্যা সমুহ সমস্যা সমাধান তথা বিভিন্ন উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । সেই প্ৰতিশ্ৰুতি মতে ৰাইজে জন প্ৰতিনিধি নিৰ্বাচিত কৰি আহিছে । কিন্তু প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে থাকে ।

আজিলৈকে কোনো এজন জন প্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি পূৰণ নকৰিলে  বা গাঁও খনৰ সমস্যা সমুহ সমাধান নকৰিলে । গতিকে এইবেলি গাঁওবাসীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে গাঁওখনৰ উন্নয়ন হলেহে গাঁৱৰ ৰাইজে ভোট প্ৰদান কৰিব। উন্নয়ন নাইবা উক্ত সমস্যা সমূহৰ সমাধান নহ'লে আগত বিধান সভ নিৰ্বচনত গাঁওখনৰ ৰাইজে ভোট বৰ্জন কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ গাঁওবাসীয়ে প্ৰাৰ্থীৰ প্ৰতিশ্ৰুতিত ভোল নাযায় । এইবাৰ বিধান সভা নিৰ্বাচনত প্ৰাৰ্থী সকল কোন খন মুখেৰে গাঁও খনৰ ভোটাৰ ৰাইজৰ মাজলে যাব সেয়াই হ'ব লক্ষণীয় বিষয় ।

কোকৰাঝাৰ