/asomiyapratidin/media/media_files/2025/11/24/new-ap-web-1-33-2025-11-24-13-39-51.jpg)
ডিজিটেল ডেস্কঃ তামাৰহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কোকৰাঝাৰৰ গোঁসাইগাওঁ থানাৰ গ্ৰাহামপুৰ আৰক্ষী চকীৰ মান্দাৰকুটি ওৰাও বস্তিত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাটো । চৰকাৰী গাওঁবুঢ়াৰ হাতত প্ৰাণ গ'ল দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ।
উল্লেখ্য যে গাঁওখনৰ ৰাতিয়া ওৰাও নামৰ গাওঁবুঢ়া জনে দাৰে ডিঙিত ঘপিয়াই ছাত্ৰ জনক। ৰাতিয়া ওৰাও ছাত্ৰজনৰ খুড়ায়েকে বুলি জানিব পৰা গৈছে । ছাত্ৰজন একেখন গাঁৱৰে ছাইতান ওৰাওৰ পুত্ৰ ।পাৰিবাৰিক কণ্ডলক কেন্দ্ৰ কৰি সংঘটিত হয় এই ঘটনাটো ।
তাৰোপৰি দেওবাৰে নিশা খুড়াক ভতিজাকৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ । ফলত খুড়াকে দাৰে ডিঙিত ঘপিয়াই গুৰুতৰ আহত কৰে ছাত্ৰ জনক ।
মুমৰ্ষ অৱস্থাত আত্মীয়ই হাবৰুবিল চিকিৎসালয়ত নিয়ে যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ছাত্র জনৰ । ছাত্ৰজন মৰণাই চাহ বাগিচা হাই স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ ।হত্যাকাৰী তথা চৰকাৰী গাওঁবুঢ়া ৰাতিয়া ওৰাও সম্প্ৰতি পলাতক ।
ইপিনে গ্ৰাহামপুৰ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us