/asomiyapratidin/media/media_files/2025/11/21/ap-web-1-5-2025-11-21-15-42-06.jpg)
ডিজিটেল ডেস্কঃ তামাৰহাটত সংঘটিত জঘন্য ঘটনা । ৬০ৰ উৰ্ধৰ লম্পট লোকৰ কামনাৰ বলি এগৰাকী আঠ বছৰীয়া নাবালিকা । ৰাইজে হাতে লোটে ধৰি গতালে আৰক্ষীক । লম্পট লোকজন বিছনদৈ গাঁৱৰ নাছিৰুদ্দিন শ্বেখ।
উল্লেখ্য যে নাছিৰুদ্দিনে এগৰাকী নাবালিকাক ফুচুলাই নিছিল অন্য ঠাইলৈ। সেই ঠাইতে বলপূৰ্বক ভাৱে নাবালিকাগৰাকীৰ লগত লিপ্ত হৈছিল অপকৰ্মত ।
তাৰোপৰি নাবালিকা গৰাকীয়ে চিঙৰ বাখৰ কৰাত সেই স্থানত উপস্থিত হয় স্থানীয় লোক । তাৰ পাছতে দুয়োকে অসংযত অৱস্থাত প্ৰত্যক্ষ কৰি আটক কৰে স্থানীয় ৰাইজে ।
প্ৰাণিধানযোগ্য যে এই ঘটনাৰ পাছতে উত্তম মধ্যম শোধাই গতাই দিয়ে পাগলাহাট আৰক্ষীক। উল্লেখ্য যে লম্পট নাছিৰুদ্দিনৰ আছে একাধিক পত্নী । দোষীৰ উচিত শাস্তি দাবী কৰিছে স্থানীয় ৰাইজে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us