৯৫ দিনে সন্ধানহীন তামাৰহাটৰ বৰজান গাঁৱৰ মাতৃ-পুত্ৰ

নিজ সন্তানক লৈ স্বামী গৃহৰ পৰা পিতৃ গৃহলৈ ফুৰিবলৈ আহিছিল মহিলাগৰাকীয়ে। ইপিনে পিতৃ গৃহৰ পৰা বজাৰ কৰিবলৈ ওলাই গৈ নিৰুদ্দেশ হয় দুয়ো মাতৃ-পুত্ৰ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,তামাৰহাটঃ  যোৱা ৯৫ দিনে সন্ধানহীন তামাৰহাটৰ বৰজান গাঁৱৰ মাতৃ-পুত্ৰ । আৰক্ষী আৰু পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰিও উলিয়াব পৰা নাই কোনো সন্ধান। পৰিয়ালৰ লোকৰ সন্দেহ কোনো মানৱ সৰবৰাহকাৰীয়ে ফুচুলাই নি ধনৰ বিনিময়ত অজ্ঞাত স্থানত আবদ্ধ কৰি ৰাখিছে শেৰিনা পাৰবিন আৰু আঢ়ৈ বছৰীয়া পুত্ৰক। ফলত কোনো যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ লোকে। 

উল্লেখ্য যে, ধুবুৰীৰ তামাৰহাট থানাৰ অন্তৰ্গত বৰজান গাঁৱৰ ছেকান আলী আৰু জহিৰণ বিবিৰ কন্যা শেৰিনা পাৰবিনৰ ধৰ্মীয় ৰীতি-নীতি মতে একেখন গাঁৱৰে ছফিকুল শ্বেখৰ লগত চাৰি বছৰ পূৰ্বে সম্পূৰ্ণ হৈছিল বিয়া । নিজ সন্তানক লৈ স্বামী গৃহৰ পৰা পিতৃ গৃহলৈ ফুৰিবলৈ আহিছিল শেৰিনাই । পিতৃ গৃহৰ পৰা বজাৰ কৰিবলৈ ওলাই গৈ নিৰুদ্দেশ হয় দুই মাতৃ-পুত্ৰ। ইপিনে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে তামাৰহাট থানাত অৱগত কৰায় যদিওঁ ৯৫ দিনে ওলাব পৰা নাই সন্ধান। 

ইপিনে দুয়োকে বিচাৰি নাপাই চকুলো টুকি দিন অতিবাহিত কৰিছে দুয়োটা পৰিয়ালৰ লোকে। আনপিনে কোনোবাই যদি মাতৃ-পুত্ৰ সন্ধান লাভ কৰে তেন্তে আৰক্ষী নাইবা পৰিয়ালৰ লোকক যোগাযোগৰ আহ্বান জনাইছে। ৯৩৬৫৯৫২৭০০ অথবা ৭৮৯৬২৬৩৬৪৬ নম্বৰত  যোগাযোগ কৰিবলৈ আহ্বান জনায়। 

তামাৰহাট