তামাৰহাটৰ কামানডাংগাত "পুষণা" উৎসৱ উদযাপন

ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কামানডাংগাত দেওবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশী জনগোষ্ঠীৰ জাতীয় উৎসৱ "পুষণা" উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
sdhugasudgisahd

ডিজিটেল সংবাদ, তামাৰহাটঃ ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কামানডাংগাত দেওবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশী জনগোষ্ঠীৰ জাতীয় উৎসৱ "পুষণা" উদযাপন কৰা হয়। দেশী জনগোষ্ঠীয় মঞ্চৰ কামানডাংগা, তামাৰহাট, ডিংডিংগা, হাতীধুৰা আৰু কুমাৰগঞ্জ আঞ্চলিক কমিটীৰ সহযোগত ধুবুৰী জিলা দেশী জনগোষ্ঠীয় মঞ্চ আৰু দেশী যুৱ-ছাত্ৰ মঞ্চই এই উৎসৱ উদযাপন কৰে। 

কাৰ্যসূচী মতে, দেওবাৰে ৰাতিপূৱা ৮-০০ বজাত পুষণা উদযাপন সমিতিৰ সভাপতি আব্দুল মজিদ শ্বেখে দেশী জনগোষ্ঠীয় মঞ্চৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত ক্ৰমে শ্বহীদ বেদী, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ, ৰাজবংশী গীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা আৰু ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

ইয়াৰ পাছতে, ৯-০০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰা হয়। এঘাৰ বজাত কোচ ৰাজবংশী, ৰাভা, আদিবাসী, দেশী জনগোষ্ঠীৰ সাংস্কৃতিক দল আৰু বিভিন্ন বাদ্য যন্ত্ৰৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই অঞ্চলটো পৰিভ্ৰমণ কৰি পৰিবেশ মুখৰিত কৰি তোলে। দেশী জনগোষ্ঠীয় মঞ্চৰ সাংগঠনিক সম্পাদক ইমদাদুল খন্দকাৰৰ  সভাপতিত্বত দিনৰ তিনি বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাত খিলঞ্জীয়া ঐক্য মঞ্চৰ সভাপতি মৃণাল হাজৰিকাই মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে।

মৃণাল হাজৰিকাই ভাষণ প্ৰসংগত উল্লেখ কৰে যে, কিছুমানে দেশী সকলক বাংলাদেশী বুলি তুচ্ছ-তাচ্ছল্য কৰে যদিও দেশীসকল আচলতে প্ৰকৃত খিলঞ্জীয়া। ইয়াৰ উপৰি হাজৰিকাই কয় যে, ধৰ্মই কোনো জাতিক জীয়াই ৰাখিব নোৱাৰে। জীয়াই থাকিবলৈ হলে যুদ্ধ কৰিব লাগিব। যিয়ে যুদ্ধ কৰিব জানে সিয়ে জীয়াই থাকিব। দেশী জনগোষ্ঠীৰ লোক সকলে এলেহুৱা স্বভাব এৰি কৃষি কৰ্ম, শিক্ষা, ব্যৱসায়-বাণিজ্য, আদিত আগবাঢ়িব লাগিব বুলি কয়।

ইফালে, সভাত দেশী জনগোষ্ঠীয় মঞ্চৰ উপদেষ্টা শ্বেখ হেদায়েতুল্লাই সদৰী কৰে যে, আমাৰ দেশী জনগোষ্ঠী লোক সকলৰ স্বকীয় বৈশিষ্ট্য, ভাষা, সাহিত্য, কলা-সংস্কৃতি, সাজ-পাৰ আৰু নিজস্ব খাদ্য অভ্যাস আছে। কিন্তু আমি আজি বিভিন্ন কাৰণত পৰিচয় সংকটত পৰিছো। আমাৰ স্বকীয় পৰিচয় উদ্ধাৰৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিব লাগিব।

এই সভাত গৌৰীপুৰ ৰাজপৰিয়ালৰ উত্তৰ পুৰুষ তথা বিশিষ্ট সমাজ সেৱক প্ৰবীৰ বৰুৱা আৰু হস্তীকন্যা খ্যাত পাৰ্বতী প্ৰসাদ বৰুৱাই কোচ ৰাজবংশী জনগোষ্ঠী আৰু দেশী জনগোষ্ঠীৰ লোকসকল পূৰ্বৰ পৰাই সাংস্কৃতি ক্ষেত্ৰত আগবঢ়া বুলি উল্লেখ কৰে। ইয়াৰ উপৰি সভাত গৌৰীপুৰ পি চি ইনষ্টিটিউচনৰ অধ্যক্ষ মেহেবুব হোছেইন, অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ছাইফুল আলী আহমেদ, ধুবুৰী জিলা দেশীয় জনগোষ্ঠীয় মঞ্চৰ সভাপতি আৰু সাধাৰণ সম্পাদক সহিদুৰ ৰহমান আৰু আব্দুল্লা খন্দকাৰ, ধুবুৰী জিলা দেশী যুৱ-ছাত্ৰ মঞ্চৰ সভাপতি আৰু সাধাৰণ সম্পাদক ছাইফুল ৰহমান আৰু আব্দুছ ছবুৰ আলীকে ধৰি স্থানীয় বিশিষ্ট ব্যাক্তি সকল উপস্থিত থাকে। 

উল্লেখ্য যে, পুষণা উৎসৱৰ লগত সংগতি ৰাখি নামনি অসমত বসবাস কৰা কোচ ৰাজবংশী, ৰাভা, বড়ো, আদিবাসী, দেশী আদি জনগোষ্ঠীৰ লোক সকলে পুষণাত প্ৰস্তুত কৰা পৰম্পৰাগত পিঠা-পনাৰ বিপনিৰো ব্যাবস্থা কৰা হয়। সন্ধিয়া নিমন্ত্ৰিত শিল্পী সকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। সহস্ৰাধিক ৰাইজ উপস্থিত থকা অনুষ্ঠান খনৰ আঁত ধৰে প্ৰতিদিন টাইমৰ স্থানীয় সাংবাদিক শ্বহিদুল ইছলামে ।

তামাৰহাট