/asomiyapratidin/media/media_files/2026/02/23/4-2026-02-23-11-03-33.jpg)
ডিজিটেল ডেস্কঃ তামাৰহাটৰ বৰজানত চাঞ্চল্যকৰ ঘটনা। কবৰৰ পৰা খান্দি উলিয়ালে এটা মৃতদেহ। চিকিৎসকৰ ভুলৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ ভুক্তভোগীৰ।
ঘটনাৰ বিৱৰণী মতে, বৰজান গাঁৱৰ জহৰ আলীৰ কন্যা মেহনাজ পাৰবীনৰ ছয় মাহ মান পূৰ্বে ধৰ্মীয় ৰীতি-নীতিৰে বিয়া হয় কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও থানাৰ অন্তৰ্গত পদ্মবিল গাঁৱৰ নাজিৰ শ্বেখৰ সৈতে। ইয়াৰ মাজতে যোৱা ২০ ফেব্ৰুৱাৰীত স্বামী গৃহত মহিলাগৰাকীয়ে চিপ লয়। স্বামী গৃহৰ লোকে ততাতৈয়াকৈ গোঁসাইগাঁৱৰ RNB চিকিৎসালয়ত ভৰ্তি কৰাইছিল মহিলাগৰাকীক। চিকিৎসাধীন অৱস্থাতে মহিলাগৰাকী মৃত্যু হয়। চিকিৎসকক পৰিয়ালৰ লোকে সকলো কথা অৱগত কৰাৰ পাছতো চিকিৎসকে মৃতদেহ ঘৰলৈ নিয়াৰ অনুমতি দিয়ে।
/asomiyapratidin/media/post_attachments/f9037f8f-eac.png)
উল্লেখ্য যে, চিকিৎসকৰ অনুমতি মতে স্বামী গৃহৰ লোক আৰু পিতৃগৃহৰ লোক মিলি ২১ ফেব্ৰুৱাৰীত মহিলাগৰাকীৰ মৃতদেহ কবৰস্থ কৰে। ইপিনে কবৰস্থ কৰাৰ পাছত অৰ্থাৎ ২৪ ঘণ্টা পাছতহে চিকিৎসকে ঘটনাৰ বিষয়ে গোঁসাইগাঁও আৰক্ষীক অৱগত কৰে। ধুবুৰী জিলাৰ গোলকগঞ্জ চক্ৰ বিষয়া উপস্থিতত গোঁসাইগাঁও আৰু তামাৰহাট আৰক্ষীৰ সহায়ত মৃতদেহ কবৰৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। চিকিৎসকে আৰক্ষীক নজনাকৈ কাৰ অনুমতিত মৃতদেহ ঘৰলৈ নিবলৈ দিলে তাক লৈ উত্থাপন হৈছে প্ৰশ্ন। এই বিষয়ে উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী জনাইছে ভুক্তভোগীয়ে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/23/whatsapp-ima-2026-02-23-11-02-41.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us