/asomiyapratidin/media/media_files/2026/02/05/boat-accdnt-2026-02-05-16-41-20.jpg)
ডিজিটেল সংবাদ, তামাৰহাটঃ নাও দুর্ঘটনাক কেন্দ্ৰ কৰি তামাৰহাটৰ শগুনচৰাত উত্তপ্ত পৰিস্থিতি। পোহৰলৈ আহিছে নাও দুৰ্ঘটনাৰ নতুন মোৰ। নাও দুৰ্ঘটনাৰ পিছতে নিজে সাতুৰি উদ্ধাৰ হোৱা একাংশই বৰ্ণনা কৰিছে দুৰ্ঘটনাৰ কথা। এখন নাৱত উঠিব বিচৰা নাছিল ছাত্ৰ-ছাত্ৰী সকলে ।
আব্দুল মোতালেব আৰু নাৱেব আলীৰ জোৰ কৰি উঠিছিল নাওখনত । দুৰ্ঘটনাৰ পাছত আব্দুল মোতালেব আৰু নাৱেব আলীৰ কৰা নাছিল কোনো লোকক উদ্ধাৰ। সাঁতুৰী পাৰলৈ অহা একাংশই ভৰিত ধৰিছিল আব্দুল মোতালেব আৰু নাৱেব আলীৰ। কৈছিল আন সকলক উদ্ধাৰ কৰা কথা। কিন্তু আব্দুল মোতালেব আৰু নাৱেব আলী নদীৰ পাৰৰ পৰা নাম নগ’ল পানীত । এই কথা ঘৰত বৰ্ণনা কৰাৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
শ শ গাঁওবাসীয়ে আব্দুল মোতালেবৰ বাসগৃহ ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। আনহাতে, কান্দোনৰ ৰোল পৰে প্ৰতিবাদস্থলীত । সকলোৰে এটাই দাবী ঘূৰাই দিয়ক আমাৰ সন্তানক। অভিভাৱকক নজনাকৈ ৰাতিপুৱা মোক্তৱৰ পৰা লৈ গৈছিল ২২ গৰাকী ছাত্ৰ-ছাত্ৰীক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us