তামাৰহাটত ১০০ ঘন্টীয়া গণ অনশন কাৰ্য্যসূচী

চৰকাৰে দাবী মানি  নল'লে নীলা শ্ৰীৰামপুৰ, ছাগলীয়াত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে'লপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
9

ডিজিটেল সংবাদ,তামাৰহাটঃ  কামতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল (KSDC), আক্ৰাছু, UG আক্ৰাছু আৰু কোচ ৰাজবংশী জাতীয় সংগঠনৰ যৌথ উদ্যোগত ১০০ ঘন্টীয়া গণ অনশনৰ কাৰ্য্যসূচী ৰূপায়ণ । KLO আৰু KLO (KN) লগত দ্ৰুত শান্তি চুক্তিৰ মাধ্যমত কামতাপুৰ বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য পুনৰ গঠন, কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰন, মাতৃ ভাষাৰ সাংবিধানিক স্বীকৃতিৰ দাবীত এই ১০০ ঘন্টীয়া গণ অনশনৰ কাৰ্য্যসূচী।

উল্লেখ্য যে, চৰকাৰে দাবী মানি  নল'লে নীলা শ্ৰীৰামপুৰ, ছাগলীয়াত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে'লপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। ইপিনে সভাস্থলীত উপস্থিত গোলকগঞ্জ CDSPআৰু CDCয়ে অনশন কাৰীৰ স্বাস্থ্যৰ বুজ লয় ।

তামাৰহাট