মাজনিশা পাকিস্তানত আক্ৰমণ চলালে তালিবানে! নিহত ১২ পাকিস্তানী সৈনিক...

আফগানিস্তান-পাকিস্তান সীমান্তত তালিবান বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত কমেও ১২ জন পাকিস্তানী নিৰাপত্তাৰক্ষী নিহত হোৱা বুলি দাবী কৰিছে তালিবানে। তালিবানৰ সংবাদ মাধ্যম TOLOnewsত প্ৰকাশিত খবৰ অনুসৰি,

author-image
Asomiya Pratidin
New Update
3b30c451-46a4-47f3-8281-22b204714f1c

ডিজিটেল ডেস্কঃআফগানিস্তান-পাকিস্তান সীমান্তত তালিবান বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত কমেও ১২ জন পাকিস্তানী নিৰাপত্তাৰক্ষী নিহত হোৱা বুলি দাবী কৰিছে তালিবানে। তালিবানৰ সংবাদ মাধ্যম TOLOnewsত প্ৰকাশিত খবৰ অনুসৰি, সীমান্তৰ সমীপৱৰ্তী অস্থিৰ অঞ্চল হেলমাণ্ড প্ৰদেশৰ বাহৰাম চাহ জিলাত হৈছিল এই যুদ্ধ। TOLOnews-এ জনোৱা মতে,  পাকিস্তানী সৈন্য কেইগৰাকীয়ে সীমান্ত পাৰ হবলৈ লোৱাৰ বাবেই এই যুদ্ধৰ সূত্ৰপাত হৈছিল। 

আফগানিস্তানস্থিত সংবাদ প্ৰতিষ্ঠানটোৱে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতি দি কয় যে শুকুৰবাৰে নিশা ডুৰাণ্ড লাইনৰ কাষৰ পাকিস্তানৰ নিৰাপত্তাৰক্ষীৰ স্থানসমূহৰ বিৰুদ্ধে তালিবানৰ সশস্ত্ৰ বাহিনীয়ে “প্ৰতিশোধমূলক অভিযান” চলাইছিল। মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি কাবুলে আফগান আকাশমাৰ্গৰ বাৰে বাৰে উলংঘা আৰু শেহতীয়াকৈ পাকিস্তানী সেনাই আফগান ভূখণ্ডত কৰা বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ইয়াৰ উপৰিও সকীয়াই দিয়া হৈছে যে ভৱিষ্যতে আফগানিস্তানৰ আকাশমাৰ্গৰ যিকোনো উলংঘাৰ ক্ষেত্ৰত পাকিস্তান যাতে সাৱধান হৈ থাকে। সশস্ত্ৰ বাহিনী ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সম্পূৰ্ণৰূপে সাজু বুলি দৃঢ়তাৰে কয় তালিবানে। আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ এনয়াতুল্লাহ খোৱাৰাজমীয়ে কয় যে পাকিস্তানে আফগান আকাশমাৰ্গ উলংঘা কৰাৰ প্ৰতিশোধমূলক অভিযান। 

পাকিস্তান