/asomiyapratidin/media/media_files/2026/02/09/whatsapp-im-2026-02-09-16-19-20.jpeg)
ডিজিটেল ডেস্কঃ কিন্তু ১০ ফেব্ৰুৱাৰীত যদি আপুনি তাজমহল দৰ্শনত কৰিম ভাবিছে তেন্তে কৰিব নোৱাৰিব। কিয়নো ১০ ফেব্ৰুৱাৰীত আঢ়ৈ ঘণ্টাৰ বাবে পৰ্যটকৰ বাবে প্ৰৱেশ নিষিদ্ধ হ'ব তাজমহলত।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/09/whatsapp-im-2026-02-09-16-20-14.jpeg)
ভাৰতীয় পুৰাতত্ত্ব বিভাগে উল্লেখ কৰা মতে, ছিচিলিৰ ৰাষ্ট্ৰপতি ডাঃ পেট্ৰিক হাৰ্মিনীয়ে তেওঁৰ পত্নী ৱেৰোনিক্যু হাৰ্মিনীৰ সৈতে মঙলবাৰে তাজমহল দৰ্শনৰ কাৰ্যসূচীৰ বাবে এক নিৰ্দেশ জাৰি কৰিছে ।
২০২৫ চনৰ অক্টোবৰ মাহত পেট্ৰিক হাৰ্মানীয়ে ছিচিলিৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল । ৰাষ্ট্ৰপতি পদ গ্ৰহণৰ পাছত এইয়াই হৈছে তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ ।
বিগত সময়ত বিদেশ মন্ত্ৰণালয়ে উল্লেখ কৰিছিল এই কথা। ইপিনে এই নিৰ্দেশত কৈছে যে-মঙলবাৰে পুৱা ৯ বজাৰ পৰা ১১.৩০ বজালৈকে সাধাৰণ পৰ্যটকৰ বাবে তাজমহলত প্ৰৱেশ নিষিদ্ধ থাকিব। মঙলবাৰ আৰু বুধবাৰৰ দিনটো আন্তঃৰাষ্ট্ৰী কূটনীতিবিদ আৰু বিশেষ আলহীক আতিথ্য প্ৰদানৰ বাবে আগ্ৰা ব্যস্ত থাকিব। লগতে থাইলেণ্ডৰ ৰাজকুমাৰী ছিৰিভান্নাৱাৰী নাৰিৰত্নায়ো আগ্ৰা ভ্ৰমণ কৰিব। বুধবাৰে তাজমহল দৰ্শন কৰিব । দুয়োখন দেশৰ ভিভিআইপিসকলৰ তাজমহল ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আগ্ৰাত জিলা প্ৰশাসন, আৰক্ষী আৰু এ এছ আয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/09/whatsapp-image-2026-2026-02-09-16-20-45.jpeg)
এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে- থাইলেণ্ডৰ ৰাজকুমাৰী ছিৰিভান্নাৱাৰী নাৰিৰত্নাই বিশেষ বিমানযোগে ১০ ফেব্ৰুৱাৰীৰ বিয়লি আগ্ৰাত উপস্থিত হ'ব । তেওঁ আগ্ৰাত এখন অভিজাত হোটেলত নিশাটো কটাব । ৰাজকুমাৰী ছিৰিভান্নাৱাৰী নাৰিৰত্না আগ্ৰাত উত্তৰ প্ৰদেশ চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব । লগতে ১১ ফেব্ৰুৱাৰীৰ পুৱা তেওঁ তাজমহল দৰ্শন কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us