/asomiyapratidin/media/media_files/2025/11/23/289-2025-11-23-18-10-50.jpg)
ডিজিটেল সংবাদ, ধেমাজি : টাই আহোমৰ কেইবাটাও সংগঠনৰ নেতৃত্বত দেওবাৰে ধেমাজিত 'সিংহ গৰ্জন' শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আহোম ৰাইজৰ সিংহ গৰ্জনত কঁপি উঠে ধেমাজি নগৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/whatsap-2025-11-23-18-13-14.jpeg)
জনজাতিকৰণ, স্বায়ত্তশাসন আৰু ভূমি পট্টনৰ দাৱীত আটাছুৰ ,আহোম গণমঞ্চ, টাইপাকে ধৰি বংশাৱলীসমূহৰ লগতে
আহোম জনতাই দেওবাৰে কাছাৰী ময়দানত কেইবাসহস্ৰাধিক লোক সমবেতহৈ কঁপাই তোলে ধেমাজিৰ আকাশ বতাহ। এই সিংহ গৰ্জন কাৰ্যসূচীত উপস্থিত থাকি আটাছুৰ সভাপতি বসন্ত গগৈয়ে নিজ ভাষণ প্ৰসংগত কয় যে ভাতৃঘাতী সংঘৰ্ষ আমি বিচৰা নাই। কিন্ত আমাক জনজাতিকৰণ নিদিলে আগন্তুক দিনত অসমৰ পৰিবেশ নিশ্চিতভাৱে উত্তাল হ'ব ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/whatsapp-2025-11-23-18-13-27.jpeg)
কাছাৰী ময়দানৰ সভাৰ পিছতেই ধেমাজি নগৰখনত বাহিৰ কৰা হয় প্ৰতিবাদী শোভাযাত্ৰা ৷ ইফালে দেওবাৰে অনুষ্ঠিত হোৱা এই সিংহ গৰ্জন কাৰ্যসূচী বিফল কৰিবলৈ বিচৰা জাতিদ্ৰোহীসকলক সকিয়নী প্ৰদান কৰে আটাছুৰ উপ সভাপতি মনোজ গগৈই ৷
প্ৰতিবাদী কাৰ্য্যসূচী লৈ মানুহ কঢ়িয়াই আনিবলগীয়া গাড়ীবোৰো চৰকাৰে ষড়যন্ত্ৰ কৰি আহিব নিদিয়াৰ অভিযোগ আটাছুৰ
বিষয়ববীয়াগৰাকীৰ ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us