/asomiyapratidin/media/media_files/2025/10/19/fdsfsdf-2025-10-19-22-17-27.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ আহোম জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণৰ পৰা বঞ্চিত হৈ অহা অসমৰ অন্যতম জনগোষ্ঠী টাই আহোম সকলে শেহতীয়াকৈ জনজাতি কৰণৰ দাবীত পুনৰ অসম চৰকাৰৰ বিৰুদ্ধে গণ আন্দোলনৰ হুংকাৰ দিয়াৰ পিছত দেওবাৰে আহোমৰ গর্জনত কঁপি উঠিল ধেমাজি নগৰ।
ন' এছ টি ন' ৰেষ্ট, আহোম জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰক, টাই আহোমক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক, আমাৰ দাবী মানিবই লাগিব, বিজেপি চৰকাৰ মুর্দাবাদ, টাই আহোমক স্বায়ত্ত শাসন প্ৰদান কৰক, জনজাতিৰ অবিহনে ক্ষান্ত নহয় টাই আহোম, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ মুর্দাবাদ, জনজাতিকৰণ টাই আহোমক লাগিবই, মৰিলেও মৰি যাম জনজাতি লৈ যাম, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, অ' নৰেন্দ্ৰ মোদী শুনি লওক টাই আহোমক জনজাতিৰ মৰ্যাদা দিয়ক, ন' এছ টি ন' ভোট ইত্যাদি শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে প্রায় ২০ সহস্রাধিক টাই আহোম লোকে।
আনহাতে, জুবিনৰ মায়াবিনী গীতেৰে মুখৰ ধেমাজি নগৰৰ কাছাৰী ময়দান ৷ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে আৰম্ভ হয় তীব্ৰ প্ৰতিবাদ ৷ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত ৮ টা বংশাৱলী আৰু ১২ টা আহোম জাতীয় সংগঠনৰ সহযোগত অনুষ্ঠিত জোঁৰ সমদলত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ, আহোম জনগোষ্ঠীৰ নেতা গোলাপ গগৈ, জিলা সমিতিৰ সভাপতি বাবুল বুঢ়াগোঁহাই, জোঁৰ সমদলৰ সভপতি ললিত দিহিঙীয়া আদিয়ে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে দীর্ঘদিন ধৰি টাই আহোমসকলক জনজাতিকৰণৰ পৰা বঞ্চিত কৰাত তীব্র ক্ষোভ প্রকাশ কৰে আৰু এই বৈষম্যৰ বিৰুদ্ধে সকলো টাই আহোম লোক একত্ৰিত হোৱাৰ সময় সময় সমাগত বুলি মন্তব্য কৰে।
নেতাকেইজনে চৰকাৰৰ বিৰুদ্ধে টাই আহোম সকলে অৱস্থান গ্রহণ নকৰিলে কেতিয়াও জাতিটোক প্রাপ্য মর্যাদা নিদিয়ে বুলি উল্লেখ কৰে। নিজৰ উদাত্ত ভাষণত পুনৰ কয়- যোৱা কুৰিটা বছৰে জনজাতি কৰণৰ বাবে সংগ্রাম অব্যাহত ৰাখিছে আহোম জনগোষ্ঠীয়ে। এই আন্দোলন ন্যায্যপ্রাপ্তিৰ আন্দোলন। ভাৰত তথা অসম চৰকাৰৰ প্রতিটো এজেঞ্চীয়ে টাই আহোম সকলক জনজাতি কৰণ কৰিব পৰাকৈ সকলো যোগ্যতা আছে বুলি কোৱাৰ পিছতো কেৱল ৰাজনৈতিক কাৰচাজিৰ বাবেই আহোম সকলে পোৱা নাই আজিলৈকে জনজাতিৰ মৰ্যাদা।
ইফালে, চৰকাৰক সকীয়নি প্রদান কৰি তেওঁলোকে কয় যে, ধৈৰ্যৰ বান্ধ খোলো খোলো হৈছে টাই আহোমৰ। টাই আহোমে ধৈর্য হেৰুৱালে ২০২৬ বিজেপিৰ বিপদ অনিবার্য ৷ উদাত্ত ভাষণত তেওঁলোকে লগতে উল্লেখ কৰে যে শাসনলৈ অহাৰ পূৰ্বে বিজেপি এ চৰকাৰে জনজাতিকৰণৰ প্রতিশ্রুতি দিছিল। কিন্তু চৰকাৰে সেয়া পাহৰি ব্যস্ত হ'ল বৈষম্য, ম্বৈৰাচাৰিতা আৰু । স্বজন-তোষণত পাহৰি গ'ল চৰকাৰে জাতীয় দায়িত্ব। এতিয়া থলগিৰিৰ বিৰুদ্ধে যুঁজত নামিছে চৰকাৰ। এইয়া ৫৫ লাখ টাই আহোমে কেতিয়াও নামানে।
সংগঠনটোৰ নেতৃবৰ্গই লগতে উল্লেখ কৰে যে, বহিৰাগত পুঁজিপতিৰ মহান স্বাৰ্থত বৰপীৰা পাৰি দিছে অনা-অসমীয়াক। চৰকাৰে জানে আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰিলেই অনা-অসমীয়া পুঁজিপতিলৈ নামি আহিব বিপদ। সেয়ে আমাক জনজাতিৰ মৰ্যাদা দিব বিচৰা নাই। এইয়া আমি প্রতিহত কৰিবই লাগিব। যোৱা ১০ বছৰে জাতিক প্ৰতাৰণা কৰি অহা বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে সমগ্র টাই আহোম। চৰকাৰক সকীয়নি প্রদান কৰি আটাছুৰ নেতাকেইজনে ধেমাজিৰ পৰাই টাই আহোমে গণতান্ত্রিক আন্দোলনৰ সূচনা কৰা বুলি ঘোষণা কৰে আৰু জনজাতিকৰণ নকৰা পর্যন্ত এই আন্দোলন অব্যাহত থাকিব বুলি দৃঢ় মন্তব্য কৰে।
আনহাতে, ধেমাজি জিলাৰ টাই আহোম সকল জিলাখনত দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে জীয়াই থকাক লৈ চৰম উদ্বিগ্নতা প্রকাশ কৰাৰ লগতে টাই আহোম সকলে জনজাতিৰ মর্যাদা লাভ নকৰা পর্যন্ত এই ব্যৱস্থাৰ পৰা মুক্ত নহয় বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে। ৰাজনৈতিক ষড়যন্ত্রতে টাই আহোমৰ লগতে আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰা নাই চৰকাৰে। বাৰে বাৰে উপেক্ষা কৰিছে টাই আহোম সকলক। জনজাতিকৰণৰ এই দাবী পূৰণ নকৰা পর্যন্ত এতিয়াৰ পৰা টাই আহোমসকল তিলমাত্রও ক্ষান্ত নহয়।
নেতাজনে পুনৰ কয় যে আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছে শেহতীয়াকৈ ট্রাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে। কোন এই আদিত্য খাখলাৰী ? কোন এই ট্রাইবেল সংঘ? আহোমক জনগোষ্ঠীক বিৰোধিতা কৰা ট্রাইবেল সংঘৰ সম্পাদক আদিত্য খাখলাৰীক তীব্র ধিক্কাৰ দি তেওঁ কয় যে এনেদৰে যদি যদি পুনৰ আদিত্য খাখলাৰীহঁতে বিৰুদ্ধাচৰণ কৰে তেন্তে অসম অশান্ত কৰি দিয়া হ'ব। কাকো শান্তিত থাকিবলৈ দিয়া নহ'ব। ছশ বছৰ অসম ৰাজত্ব কৰাৰ পিছতো বর্তমান জনগোষ্ঠীটো সকলো দিশৰ পৰা অৱহেলিত আৰু বঞ্চিত হৈ আছে। এই নিপীড়িত অৱস্থাৰ পৰা উদ্ধাৰৰ বাবে আন্দোলনৰ বিকল্প নাই। কংগ্রেছৰ পিছত বিজেপিয়েও প্রতাৰণা কৰিলে আহোম সকলক।
তেওঁ লগতে উল্লেখ কৰে যে, ২০১৪ৰ নিৰ্বাচনী ইস্তাহাৰত আহোম সকলক জনজাতিকৰণ কৰাৰ টোপ দিছিল যদিও সেয়া বিজেপি চৰকাৰে কি কৰিলে প্রতিজন আহোমে জানে। তাৰ পিছতো বিজেপিয়ে কেইবাটাও নিৰ্বাচনৰ আগমুহূৰ্তত দিলে কেৱল প্রতিশ্রুতি। শাসনভাৰ লোৱাৰ পিছতে একে বাতিতে সকলো প্রতিশ্রুতি পাহৰি গ'ল বিজেপি চৰকাৰ আৰু দলে। এতিয়া নির্বাচনলৈ কেইটামান মাহ বাকী। পুনৰ মিছলীয়া কথাৰে কাষ চাপিব শাসকীয় চৰকাৰ। স্বাধীনোত্তৰ কালৰ পিছত টাই আহোমসকল অসমত সকলো দিশতে কিদৰে শোষিত আৰু নিষ্পেষিত হৈ আছে সেয়া তথ্যসহ নেতাজনে বিৱৰণ দাঙি ধৰে আৰু টাই আহোমসকল বঞ্চিত হৈ থকাৰ বিভিন্ন দিশ তথা কাৰণসমূহ ব্যাখ্যা কৰে।
টাই আহোম সকলে কিদৰে বৃহৎ অসমীয়া জাতিসত্তা গঢ় দিবলৈ গৈ টাই আহোমৰ স্বকীয় ভাষা, কৃষ্টি-সংস্কৃতি ত্যাগ কৰি- সম্প্রতি অবহেলিত জনগোষ্ঠী হিচাপে পৰিচিতি লাভ কৰিছে সেয়া বিতংকৈ তেওঁ আলোকপাত কৰে আৰু জনজাতিৰ অবিহনে টাই আহোমৰ গত্যন্তৰ নাই বুলি মন্তব্য কৰে। তেওঁ টাই আহোমৰ এই ৰণেই শেষ ৰণ হ'ব বুলি কৈ দল-মত-ধর্ম নির্বিশেষে সকলো টাই আহোমক এতিয়াৰ পৰা জঁপিয়াই পৰিবলৈ আহ্বান জনায়। হাতে হাতে ফেষ্টুন আৰু বেনাৰ লৈ বিশ সহস্ৰাধিক টাই আহোমে অংশ লোৱা জোঁৰ সমদলৰ অন্তত ধেমাজি চাৰিআলিত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে ধেমাজিৰ আকাশ-বতাহ কঁপাই প্রতিবাদী জোঁৰ সমদলটোৱে চাৰিআলিত সামৰণি মাৰে।
আজিৰ জোৰ সমদলৰ প্ৰতিবাদী কাৰ্যসূচীৰ আঁত ধৰে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মনোজ গগৈয়ে ৷ বিশাল প্রতিবাদী সমদললৈ ধেমাজি জিলাৰ, জোনাই, চিমেন চাপৰি, চিচিবৰগাঁও শ্রীপাণি, নিলখ, মৰিধল, সুবাহী, দক্ষিণ ধেমাজি, উত্তৰ ধেমাজি, মাছখোৱা, পূব মাছখোৱা, যোৰকটা, আজোহা, গোগামুখ, পশ্চিম ধেমাজি, বেতনিপাম, মালিনীপুৰ, কুলাজান, বুটিকোৰ, বৰদলনি, উত্তৰ বৰদলনি, জয়ৰামপুৰ, বাটঘৰীয়া, চমৰাজান, ধেমাজি সদৰ, চিলাপথাৰ নগৰ, আমগুৰি, ৰাংকোপ আদি অঞ্চলৰ কেইবাশতাধিক আহোম গাঁৱৰ হাজাৰ হাজাৰ জোঁৰ সমদলত অংশ গ্ৰহন কৰে ৷