টাই আহোমক চামুগুৰিৰ পৰা শদিয়ালৈকে সুকীয়া ৰাজ্য দিব লাগিব : উপ-সভাপতি মনোজ গগৈ

অসমৰ খিলঞ্জীয়া জনগোষ্ঠী টাই আহোমৰ সংবিধানৰ ছটা বৈশিষ্ট্য আছে, ভাৰতীয় সংবিধানৰ এক গণ্ডীৰ জনজাতি লাগিবই, নহ'লে টাই আহোমক চামুগুৰিৰ পৰা শদিয়ালৈকে সুকীয়া ৰাজ্যৰ দিব লাগিব।-  এই মন্তব্য সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনোজ গগৈৰ ৷

author-image
Asomiya Pratidin
New Update
dhemaji

ডিজিটেল  সংবাদ, ধেমাজি : অসমৰ খিলঞ্জীয়া জনগোষ্ঠী টাই আহোমৰ সংবিধানৰ ছটা বৈশিষ্ট্য আছে, ভাৰতীয় সংবিধানৰ এক গণ্ডীৰ জনজাতি লাগিবই, নহ'লে টাই আহোমক চামুগুৰিৰ পৰা শদিয়ালৈকে সুকীয়া ৰাজ্যৰ দিব লাগিব।-  এই মন্তব্য সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনোজ গগৈৰ ৷

শুক্ৰবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চাৰিআলিস্থিত ধেমাজি জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি গগৈয়ে কয় যে, পতঞ্জলি, আদানী, আম্বানিক শ শ বিঘা মাটি ছশবছৰীয়া শাসনেৰে গৌৰাৱাম্বিত আহোমক জনজাতিৰ মৰ্যাদা দিবই লাগিব ৷ ২৫ নবেম্বৰত বিধানসভাৰ অধিবেশনত মুখ্যমন্ত্ৰীক দাবী এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনায় ৷

উল্লেখযোগ্য যে, ২৩ তাৰিখৰ গণ সমাবেশ বিফল কৰিবলৈ চৰকাৰে ষড়যন্ত্ৰ কৰিছে ৷ কাৰণ সেইদিনাই ডিব্ৰুগড়ত বিজেপিৰ সমাৱেশৰ আয়োজন ৷ ২০২৬ ত ইয়াৰ পৰিনাম চৰকাৰে ভুগিব লাগিব বুলি চৰকাৰক চৰম সকীয়নি প্ৰদান কৰে ৷

তেওঁ কয় যে, টাই আহোমক জনজাতিকৰণ, ভূমিপট্টন, স্বায়ত্বশাসন আদিৰ মুখ্য দাবীত প্রায় দুই লক্ষাধিক লোকৰ সমাগমেৰে দিছপুৰ দিল্লীক জনজাতিকৰণ শীঘ্ৰে কার্যকৰী কৰিবৰ বাবে বৃহত্তৰ ৰূপত গণতান্ত্রিক হেঁচা প্রয়োগৰ সিদ্ধান্ত লোৱা হৈছে । ছয় জনগোষ্ঠীক জনজাতি কৰণৰ বিষয়টিৰ ক্ষেত্ৰত অহা ২৫ নৱেম্বৰ, অসম চৰকাৰৰ মন্ত্রী গোটে মুখ্যমন্ত্রী অধ্যক্ষতাত এক প্রতিবেদন বিধানসভালৈ প্রেৰণৰ ব্যৱস্থা কৰিব ৷

চৰকাৰৰ অদৃশ্য হাতোৰাৰ পৃষ্ঠপোষকতাত আদিত্য খাখলাৰীৰ নেতৃত্বত থকা জানজাতীয় সংঘৰ জৰিয়তে বিশেষকৈ তাই আহোমসকলক উদ্দেশ্য প্রণোদিতভাৱে জনজাতিকৰণৰ প্রক্রিয়াত বাধাগ্রস্ত কৰিব খুজিছে। বাস্তৱিকতে এই কথাও প্রয়োজন আহি পৰিছে যে, জনজাতিকৰণৰ বিষয়টি নিষ্পত্তি কৰাৰ বাবে ২০১৯ চনতে বিভাগীয় দপ্তৰে ক্লিন্ চিট্ দি তাই আহোম সকলকো জনজাতিৰ মৰ্যাদা পোৱাৰ যোগ্যতা নিৰূপণৰ বাবে ৰাজ্যসভাৰ মজিয়াত প্রতিবেদন দাখিল কৰিছিল।

কিন্তু ৰাষ্ট্ৰযন্ত্রৰ ষড়যন্ত্রত এই কাম আজিকোপতি সম্পন্ন নহ'ল। পৰিবর্তে বর্তমানৰ চৰকাৰে পৰিকল্পিতভাৱে পুনৰ এক নতুন প্রতিবেদনৰ জৰিয়তে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত মন্ত্রীসভাৰ গোটে জনজাতি কৰণৰ বিষয়টোক আন এক আকাৰ দিব খুজিছে। এই পুনৰ নিৰিক্ষণ প্রক্রিয়াত তাই আহোমসকলক জনজাতিকৰণৰ মৰ্য্যদাৰ পৰা উপেক্ষিত কৰাৰ গভীৰ ষড়যন্ত্রত চৰকাৰী পক্ষ লিপ্ত হৈছে তেওঁলোকে অভিযোগ কৰে ৷

তেওঁ কয় যে, অতীজৰে পৰা বর্তমানলৈ অসম আৰু অসমীয়াৰ থলুৱা সম্প্রীতিত আঘাত সানি উচ্চ হিন্দুত্ববাদী আগ্রাসী প্রতিষ্ঠানক থলুৱাৰ ভেঁটি মাটি, বায়ু-পানী, সভ্যতা-সংস্কৃতি গ্রাস কৰি বৃহত্তৰ অসমীয়া জাতিৰ স্বাভিমানক, বিদেশী বণিয়াক গতাই দি মাটিত মিলাই ঘৰতে অঘৰী কৰিব খুজিছে। সেয়েহে অসমৰ বৃহত্তৰ স্বার্থত সজাগ পহৰীৰ ভূমিকা গ্রহণ কৰিবৰ বাবে সকলো পক্ষকে মুকলিকৈ আটাছুৰ উপ- সভাপতি গৰাকীয়ে  আহ্বান জনায় ।

একেদৰে সংবাদমেলত উপস্থিত থকা তাই আহোম সমন্বয়মঞ্চৰ আবায়ক সমিতিৰ কাৰ্য্যকৰী সভাপতি গোলাপ গগৈয়েও বক্তব্যত কয় যে তাই আহোমসকলৰ স্বার্থত নহয়, বৃহত্তৰ অসমীয়া জাতিৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যতেই ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ দাবীক ন্যার্যতা প্রদান, স্বায়ত্ব শাসন, প্রয়োজনত জনজাতীয় ৰাজ্য ইনাৰলাইন আদি কথাবোৰ আজি পৰিস্থিতিত অতি প্রাসংগিক । অন্যথা আমাৰ ভেঁটি যে উচন হ'ব'ই নিশ্চিত।

বর্তমান উজনিত বৃহত্তৰ তাই আহোমসকলৰ শৌর্য্য বীৰ্য্য, ৰাজনীতি, ধর্মনীতি, শিক্ষা-সংস্কৃতি, অর্থনীতি, গ্রাম্য অর্থনীতিৰ ভেটি ভাঙি-চিত্তি চূড়মাৰ কৰাৰ ষড়যন্ত্র ৰচিত হৈছে। এই কথা অসমৰ তাই আহোম জনগণৰ প্ৰত্যক্ষ হৈছে বুলি উল্লেখ কৰি অহা ২৩ নবেম্বৰত অনুষ্ঠিত হ'বলগা গণ প্রতিবাদী কার্যসূচী "সিংহ গর্জন "ত ব্যক্তিগত কাম-কাজ পৰিহাৰ কৰি উত্তৰ প্ৰজন্মক সুস্থিবে জীয়াই ৰখাৰ স্বার্থত দলে-বলে, দল মত পৰিহাৰ কৰি, ৰাজনীতি, ধর্মনীতিৰ উর্দ্ধত থাকি এই কাৰ্যসূচীত উপস্থিত থাকি, সফল ৰূপায়ণ কৰি চৰকাৰৰ কু-চক্রান্ত উফৰিই দিবৰ বাবে জনায় ৷

সংবাদমেলত তাই আহোম সমন্বয়মঞ্চৰ আবায়ক সমিতিৰ সভাপতি  তথা পশ্চিম ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত দিহিঙীয়া, তাই আহোম সমন্বয়মঞ্চৰ আবায়ক সমিতিৰ সম্পাদক ৰন্টু গগৈ, জিলা তাই আহোম ছাত্ৰ সন্হাৰ সম্পাদক পংকজ বৰগোহাঁই  , তাই আহোম ছাত্ৰ সন্হাৰ হাতীগঢ় আঞ্চলিক সমিতিৰ সম্পাদক ৰঞ্জন ভাৰধৰা, জিলা তাই আহোম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মনোজ গগৈ(কনিষ্ঠ) , আটাছুৰ ধেমাজি জিলা সমিতিৰ উপ- সভাপতি বিতুল গগৈ , কাৰ্য্যালয় সম্পাদক শৈশৱ বৰুৱাকে ধৰি কেইবাগৰাকীও নেতাই উপস্থিত থাকি অহা ২৩ নবেম্বৰত অনুষ্ঠিত হ'বলগা গণ প্রতিবাদী কার্যসূচী "সিংহ গর্জন "ত সকলো ৰাইজক উপস্থিত থাকিবলৈ আহ্বান জনায় ৷ 

টাই আহোম