তেজপুৰ বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি চলা অচলাৱস্থাৰ মাজতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ...

এই তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত শম্ভূনাথ সিঙক ছুটীত যোৱাৰ নিৰ্দেশ। আনপিনে নিৰ্দেশনা জাৰি কৰাৰ ৩মাহৰ ভিতৰত কমিটীয়ে তদন্তৰ প্রতিবেদন দিব লাগিব। লগতে তদন্ত কমিটীক সকলো ধৰণৰ সহায়ৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ জাৰি কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-01 at 7.53.40 PM

ডিজিটেল ডেস্কঃ তেজপুৰ বিশ্ববিদ্যালয়ত তিনিমাহৰ প্ৰতিবাদৰ অন্তত শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সমগ্র ঘটনাৰ তদন্তৰ বাবে তিনিজনীয়াএখন উচ্চস্তৰীয় কমিটি গঠন কৰিছে। উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰিব এই নৱগঠিত কমিটীখনে। কমিটীত আছে ৩গৰাকী সদস্য। 

উল্লেখযোগ্য যে, তেওঁলোক হৈছে- মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এন লোকেন্দ্র সিং, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জগদীশ কুমাৰ পাটনায়ক আৰু UGCৰ সম্পাদক অধ্যাপক মনীষ আৰ যোশী। ইপিনে তদন্তৰ সময়ছোৱাত সকলো কৰ্তব্যৰ পৰা আঁতৰি থাকিব লাগিব উপাচাৰ্য শম্ভুনাথ সিং। বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক কাম-কাজ সুচাৰুৰূপে চলাই নিবলৈ আইআইটি গুৱাহাটীৰ ডিজাইন বিভাগৰ অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসক তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন প্ৰতি-উপাচাৰ্য হিচাপে নিযুক্তি দিছে।

Tezpur-University

প্ৰণিধানযোগ্য যে, এই তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত শম্ভূনাথ সিঙক বাধ্যতামূলক ছুটীত যোৱাৰ নিৰ্দেশ দিছে সংশ্লিষ্ট বিভাগে। আনপিনে নিৰ্দেশনা জাৰি কৰাৰ ৩মাহৰ ভিতৰত কমিটীয়ে তদন্তৰ প্রতিবেদন দিব লাগিব বুলি এক বিবৃিত ৰাজহুৱা কৰিছে। লগতে তদন্ত কমিটীক সকলো ধৰণৰ সহায়ৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ জাৰি কৰা হৈছে। 

যোৱা ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীসকলে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আহিছিল। ইয়াৰ মূল কাৰণসমূহ আছিল- নিযুক্তি প্ৰক্ৰিয়াৰ খেলিমেলি আৰু বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ উপাচাৰ্য সিঙৰ বিৰুদ্ধে উত্থাপন হোৱা। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক আৰু ডীনৰ দৰে গুৰুত্বপূৰ্ণ পদসমূহ খালী হৈ থকাৰ ফলত এক প্ৰশাসনিক শূন্যতাৰ সৃষ্টি কৰা। তাৰোপৰি তেওঁৰ বিৰুদ্ধে আছে আন এক অভিযোগ। সেয়া হৈছে- উপাচাৰ্যগৰাকী কাৰ্যকালৰ সময়চোৱাত সৰহভাগ সময় বিশ্ববিদ্যালয় চৌহদত অনুপস্থিত থকা। 

তেজপুৰ বিশ্ববিদ্যালয়