/asomiyapratidin/media/media_files/2026/02/15/137-2026-02-15-22-46-06.jpg)
ডিজিটেল ডেস্ক : কলম্বোত পাকিস্তানক বধ কৰি ছুপাৰ-৮ত প্ৰৱেশ কৰিছে টীম ইণ্ডিয়া। দেওবাৰে অনুষ্ঠিত ভাৰত- পাকিস্তানৰ হাইভ’ল্টেজ মেচখনত ভাৰতৰ আক্ৰমণাত্মক বলিং দেখি অসহায় হৈ পৰে চিৰবৈৰী পাকিস্তানৰ বেটাৰসকল।
যাৰ ফলত দলটোৱে নিৰ্ধাৰিত ২০অ'ভাৰৰ মেচখনত ১৮অ'ভাৰ খেলি ১১৪ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। পাকিস্তানৰ দৰ্পচূৰ্ণ হোৱাৰ মূলতে ভাৰতীয় বলাৰৰ আক্ৰমণাত্মক বলিং।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/15/wha-2026-02-15-22-46-44.jpeg)
দলটোক প্ৰথমে আঘাত হানে হাৰ্ডিক পাণ্ডিয়াই। দলীয় স্ক'ৰ শূন্যতে ছাহিবজাদা ফাৰহানৰ উইকেট হেৰুৱাই পাকিস্তানে। তাৰ পাছৰে পৰা ইটোৰ পাছত সিটো উইকেটৰ পতন ঘটি অৱশেষত ৬১ ৰানৰ ব্যৱধানত শোচনীয় পৰাজয়বৰণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/15/whatsapp-i-2026-02-15-22-47-30.jpeg)
উল্লেখযোগ্য যে, ভাৰতৰ হৈ বলিঙত হাৰ্ডিক পাণ্ডিয়া, বুমৰাহ, বৰুণ চক্ৰৱৰ্তী আৰু অক্ষৰ পেটেলে ২টাকৈ উইকেট দখল কৰে। একেদৰে কুলদীপ যাদৱ আৰু তিলক বাৰ্মাই ১টাকৈ লাভ কৰে উইকেট।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/15/whatsapp-image-2026-2026-02-15-22-48-16.jpeg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, নৈশলোকত আৰ প্ৰেমদাস ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত পোনতে বেট ধৰি ভাৰতে ১৭৫ৰান সংগ্ৰহ কৰে। এই ৰানৰ মূলতে ঈশান কিষাণৰ সৰ্বাধিক ৭৭ ৰান। তাৰোপৰি তিলক বাৰ্মা ২৫, সূৰ্যকুমাৰ যাদৱ ৩২, ডুবে ২৭ৰ ৰানৰ বৰঙণি যোগায়। ইফালে শেষৰ ফালে ৰিংকু সিঙে মাত্ৰ ৪টা বলত ১১ ৰান কৰি দলীয় স্ক'ৰ ১৭৫ কৰাত অনবদ্য বৰঙণি আগবঢ়ায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us