থোৰতে জানক টি-২০ বিশ্বকাপ ২০২৬ৰ ইটো- সিটো খবৰ

ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে আয়োজন কৰিছে আই চি চি টি-২০ বিশ্বকাপ ২০২৬। ইতিমধ্যে ভাৰতৰ কেইবাখনো চহৰৰ উপৰি শ্ৰীলংকাৰ কলম্বো আদি চহৰত অনুষ্ঠিত হৈছে বিশ্বকাপৰ মেচ।

author-image
Asomiya Pratidin
New Update
154

ডিজিটেল ডেস্ক : ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে আয়োজন কৰিছে আই চি চি টি-২০ বিশ্বকাপ ২০২৬। ইতিমধ্যে ভাৰতৰ কেইবাখনো চহৰৰ উপৰি শ্ৰীলংকাৰ কলম্বো আদি চহৰত অনুষ্ঠিত হৈছে বিশ্বকাপৰ মেচ। চলিত বিশ্বকাপত ১৯ ফেব্ৰুৱাৰী ২০২৬লৈকে ৩৭ খন মেচ অনুষ্ঠিত হৈছে। 

ইতিমধ্যে হৈ যোৱা মেচসমূহৰ আধাৰত ক্ৰিকেট বিশেষজ্ঞসকলে প্ৰস্তুত কৰিছে এখন পৰিসংখ্যাৰ তালিকা। এই তালিকাত সৰ্বাধিক ৰান সংগ্ৰহকাৰী, সৰ্বাধিক উইকেট দখলকাৰী ক্ৰিকেটাৰসকলক অন্তৰ্ভূক্ত কৰা হৈছে। 

সৰ্বাধিক উইকেট দখল কৰা ক্ৰিকেটাৰসকল হৈছে-

  • শ্যাডলী ভান স্কাল্কৱাইক (আমেৰিকা) ১৩ টা উইকেট
  • বৰুণ চক্ৰৱৰ্তী (ভাৰত) ৯টা
  • মাইকেল লিস্ক (স্কটলেণ্ড)৯ টা উইকেট
  • লুংগি নেগডি (দক্ষিণ আফ্রিকা) ৮ উইকেট
  • আজমাতুল্লাহ ওমৰজাই (আফগানিস্তান)৮ উইকেট
  • আশীৰ্বাদ মুজাৰাবানি (জিম্বাবুৱে) ৭ উইকেট

একেদৰে ভাৰতৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ৫গৰাকী ক্ৰিকেটাৰ হৈছে-

  • ঈশান কিষাণ ১৭৬ ৰান
  • সূৰ্য্যকুমাৰ যাদৱ – ১৬২ ৰান
  • শিৱম ডুবে – ১১৬ ৰান
  • তিলক বাৰ্মা – ১০৬ ৰান
  • হার্দিক পাণ্ডিয়া – ৮৭ৰান

অৱশ্যে সামগ্ৰীক হিচাপত এতিয়ালৈকে সৰ্বাধিক ৰাণ সংগ্ৰকাৰী ক্ৰিকেটাৰ হিচাপে তালিকাৰ শীৰ্ষত আছে পাকিস্তানৰ চাহিবজাদা ফাৰহান। তেওঁ এতিয়ালৈকে ২২০ ৰান কৰিছে। দ্বিতীয় স্থানত আছে দক্ষিণ আফ্ৰিকাৰ এডেইন মাৰ্কৰাম ১৭৮ আৰু তৃতীয় স্থানত ভাৰতৰ ঈশান কিষাণ ১৭৬ ৰান।

ক্ৰিকেট