/asomiyapratidin/media/media_files/2026/01/07/whatsapp-image-2026-01-07-15-44-14.jpeg)
ডিজিটেল ডেস্কঃ আগন্তুক আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ভাৰতৰ পৰা শ্ৰীলংকালৈ মেচ স্থানান্তৰিত কৰাৰ দাবী কৰিছিল ৷ কিন্তু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ এই দাবী নাকচ কৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-2026-01-07-15-44-40.jpeg)
শেহতীয়াকৈ,মঙলবাৰে আইচিচি আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ মাজত ভাৰ্চুৱেল বৈঠক সম্পন্ন হয়। য’ত আইচিচি এ ব’ৰ্ডক জনাইছিল যে- নিৰাপত্তাজনিত কাৰণৰ বাবে বাংলাদেশৰ মেচসমূহ ভাৰতৰ বাহিৰলৈ স্থানান্তৰিত কৰাৰ অনুৰোধ জনাইছিল ৷ কিন্তু আইচিচিয়ে এই অনুৰোধ নাকচ কৰি বাংলাদেশ ক্ৰিকেট ব’ৰ্ডেক কয় যে- তেওঁলোকৰ ছিনিয়ৰ পুৰুষৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলে টি-২০ বিশ্বকাপৰ মেচ খেলিবলৈ ভাৰতলৈ যাব লাগিব। ইপিনে বিচিবি-য়ে খেলুৱৈসকলৰ নিৰাপত্তাক লৈ চিন্তা প্ৰকাশ কৰিছে যদিও ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এতিয়ালৈকে স্থান সলনিৰ কোনো আনুষ্ঠানিক সঁহাৰি জনোৱা নাই। অৱশ্যে আইচিচিৰ আনুষ্ঠানিক সঁহাৰিৰ বাবে এতিয়াও অপেক্ষা কৰি আছে।
উল্লেখযোগ্য যে, বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক আই পি এলৰ পৰা বহিষ্কাৰ কৰাৰ পাছতে টি-২০ বিশ্বকাপৰ খেলৰ স্থান শ্ৰীলংকালৈ স্থানান্তৰিত কৰাৰ দাবী উত্থাপন কৰিছিল। আই পি এল ২০২৬ৰ নিলামত কেকেআৰে ক্ৰয় কৰিছিল মুস্তাফিজুৰক। কিন্তু মুস্তাফিজুৰক আই পি এলৰ পৰা অপসাৰণৰ দাবীয়ে গতি লাভ কৰাৰ ফলত কে কে আৰ বি চি চি আইৰ নিৰ্দেশত মুস্তাফিজুৰক দলৰ পৰা অপসাৰণ কৰে।বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক আই পি এলৰ পৰা অপসাৰণ কৰাটো বাংলাদেশৰ ক্ৰীড়া মন্ত্ৰালয় আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে অপমান হিচাপে গণ্য কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-imag-2026-01-07-15-44-59.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us