মেচৰ নায়ক সঞ্জু ছেমছন : ২০১৬ৰ পোতক তুলি ছেমি ফাইনেল লৈ টীম ইণ্ডিয়া

২০১৬ৰ টি-২০ বিশ্বকাপৰ ফাইনেলত অতি নিৰ্দয়ভাৱে ভাৰতক পৰাস্ত কৰিছিল ৱেষ্ট ইণ্ডিজে। চৌদিশে সমালোচিত হৈছিল টীম ইণ্ডিয়া। ষ্টেডিয়ামতে হুকহুকাই কান্দিছিল বিৰাট কোহলিয়ে।

author-image
Asomiya Pratidin
New Update
207

ডিজিটেল ডেস্ক : ২০১৬ৰ টি-২০ বিশ্বকাপৰ ফাইনেলত অতি নিৰ্দয়ভাৱে ভাৰতক পৰাস্ত কৰিছিল ৱেষ্ট ইণ্ডিজে। চৌদিশে সমালোচিত হৈছিল টীম ইণ্ডিয়া। ষ্টেডিয়ামতে হুকহুকাই কান্দিছিল বিৰাট কোহলিয়ে। সুদীৰ্ঘ ১০টা বছৰৰ পাছত আজি সেই সময় আছিল সমাগত ! সুযোগৰ সদ্ব্যৱহাৰ উদ্দেশ্য আগত ৰাখি ইডেন গাৰ্ডেনত নামিছিল মেন ইন ব্লু।

টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লৈছিল সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়াই। সেই অনুসৰি ৱেষ্ট ইণ্ডিজে পোনতে বেটিং কৰি ৪টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৯৫ ৰান। 

বিজয় লক্ষ্য ভাৰতৰ বাবে কঠিন নাছিল যদিও ব্যক্তিগত ১০ ৰানতে অভিষেক শৰ্মাৰ উইকেট হেৰুৱাই অনুৰাগীক চিন্তাত পেলাই টীম ইণ্ডিয়াই। কিন্তু আজি যেন ৱেষ্ট ইণ্ডিজ বধৰ মানসিকতাৰে অ’পেনিঙত নামিছিল সঞ্জু ছেমছনে। 

দলৰ বিপৰ্যয় আৰু ব্যক্তিগত প্ৰদৰ্শনৰ বাবে সমালোচনা, এই দুই চাপ মূৰত লৈ এটাৰ পাছত এটা বলাৰক কৰি গৈছিল প্ৰহাৰ। নিৰ্দয়ভাৱে সঞ্জু ছেমছনে প্ৰহাৰ কৰি অপৰাজিত ৯৭ ৰানৰ বৰঙণিৰে দলৰ জয় মুখ্য ভূমিকা পালন কৰে।

তেওঁৰ উপৰি তিলক বৰ্মাই ২৭ ৰানৰ বৰঙণি যোগায়। আজিৰ এই মেচত বাকীসকল বেটাৰ ব্যৰ্থ হয়। কাৰ্যতঃ এই জয়ৰে ভাৰতে ছেমি ফাইনেললৈ অগ্ৰসৰ হয়। ইংলেণ্ডৰ বিৰুদ্ধে ছেমিত অৱতীৰ্ণ হ’ব টীম ইণ্ডিয়া।

টীম ইণ্ডিয়া