পুনৰ গ্ৰেপ্তাৰ কৰিব নেকি শ্যামকানু-সিদ্ধাৰ্থক?

আজি অন্ত পৰিব শ্যামকানু-সিদ্ধাৰ্থ-শেখৰ আৰু অমৃতপ্ৰভাৰ চি আই ডিৰ জিম্মাৰ ম্যাদ। চি জে এম আদালতত বিয়লি ভাগলৈ হাজিৰ কৰোৱা হ'ব আদালতত। ইয়াৰ পিছত কি হ'ব এই অভিযুক্ত কেইগৰাকীৰ ঠিকনা?  প্ৰাপ্ত

author-image
Asomiya Pratidin
New Update
36f5b217-b761-4f8b-abf5-8b0035bbe500

ডিজিটেল ডেস্কঃ শ্যামকানু-সিদ্ধাৰ্থ-শেখৰ আৰু অমৃতপ্ৰভা খবৰ অনুসৰি, শ্যামকানু আৰু সিদ্ধাৰ্থক পুনৰ গ্ৰেপ্তাৰ কৰিব পাৰে এছ আই টিয়ে। বিত্তীয় খেলিমেলিক লৈ দুয়োগৰাকীক পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।

শ্যামকানু আৰু সিদ্ধাৰ্থক লৈ জুবিন মৃত্যুকাণ্ডৰ সমান্তৰালভাৱে চলি আছে বিত্তীয় খেলিমেলি সম্পৰ্কীয় গোচৰৰ তদন্তও। গতিকে এই দুয়োগৰাকীক পুনৰ গ্ৰেপ্তাৰ কৰি শেখৰ, অমৃতপ্ৰভা আৰু সন্দীপনক কাৰাগাৰলৈ প্ৰেৰণ কৰিব পাৰে আদালতে। ইফালে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এই অভিযুক্তসকলৰ বাবে সুকীয়া কোঠা নিৰ্মাণৰ খবৰ নস্যাৎ কৰিছে জেল কৰ্তৃপক্ষই।

উল্লেখ কৰা প্ৰয়োজন যে, শ্যামকানু-সিদ্ধাৰ্থ-শেখৰ-অমৃতপ্ৰভা আৰু সন্দীপনক লৈ বিগত দিনকেইটাত ধাৰাবাহিক জেৰা অব্যাহত ৰাখিছে এছ আই টিয়ে। চি আই ডিৰ কাৰ্যালয়তে ইডি আৰু আয়কৰ বিভাগেও সোধপোচ কৰিছিল শ্যামকানু আৰু সিদ্ধাৰ্থক। এই দিশৰ পৰা চাবলৈ গ'লে এই দুই মূল অভিযুক্তক পুনৰ গ্ৰেপ্তাৰৰ সম্ভৱনাই অধিক। 

জুবিন গাৰ্গ