জুবিন মৃত্যুকাণ্ডক লৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে শ্যামকানুৱে দায়ী কৰিলে সংবাদ আৰু সামাজিক মাধ্যমক...

কিমান ধুৰন্ধৰ আৰু চালাক হ’ব পাৰে ‘ফেষ্টিভেল মহন্ত’খ্যাত শ্যামকানু। ছিংগাপুৰত জুবিন গাৰ্গ অকাল বিয়োগৰ ঘটনাৰে নাম সাঙোৰ খোৱাৰ পাছত ধৃত শ্যামকানুৱে কৰা কৰ্ম-কাণ্ডই উদঙাই দিছে তেওঁৰ আঁচল চৰিত্ৰ। জুবিন 

author-image
Asomiya Pratidin
New Update
yhhhdd

ডিজিটেল ডেস্কঃ কিমান ধুৰন্ধৰ আৰু চালাক হ’ব পাৰে ‘ফেষ্টিভেল মহন্ত’খ্যাত শ্যামকানু। ছিংগাপুৰত জুবিন গাৰ্গ অকাল বিয়োগৰ ঘটনাৰে নাম সাঙোৰ খোৱাৰ পাছত ধৃত শ্যামকানুৱে কৰা কৰ্ম-কাণ্ডই উদঙাই দিছে তেওঁৰ আঁচল চৰিত্ৰ। জুবিন  গাৰ্গৰ মৃত্যুক লৈ তিলমানো অনুশোচনা নথকা শ্যামকানুৱে গ্ৰেপ্তাৰৰ পূৰ্বেই মুকলি হোৱাৰ সকলো ব্যৱস্থা কৰিছিল। উচ্চতম ন্যায়ালয়ত এই গোচৰৰ পৰা সকাহ বিচাৰি ৩০ছেপ্টেম্বৰতে লেখ আবেদন দাখিল কৰিছিল শ্যামকানুৱে। 

অধিবক্তা ৰাজকমলৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এই লেখ আবেদনত শ্যামকানুক কিয় ৰেহাই দিব লাগে তাৰ বহুকেইটা দিশ তন্ন তন্নকৈ উল্লেখ কৰিছে। এই দিশসমূহৰ ভিতৰত শ্যামকানুৱে এই সমগ্ৰ ঘটনাৰ বাবে দোষ ঠেলিছে অসমৰ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমলৈ। 

শ্যামকানুৱে উল্লেখ কৰিছে যে, অসমৰ সামাজিক তথা সংবাদ মাধ্যমত তেওঁৰ বিৰুদ্ধে ঘৃণা ভৰা আৰু বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ পোৱাৰ বাবে পৰিস্থিতি অধিক অৱনতি ঘটিছে। এই পৰিস্থিতিয়ে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোত প্ৰভাৱ পেলাব পাৰে। গতিকে এই গোচৰটো চি বি আই বা নিয়াৰ দৰে সংস্থা বা উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশৰ অধীনত হ'ব লাগে৷

শ্যামকানুৱে লগতে উচ্চতম ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনত উল্লেখ কৰিছে যে, সংবাদমাধ্যমত শ্যামকানু মহন্তৰ বিপক্ষে প্ৰচাৰিত বাতৰি প্ৰকাশত নিষেধাজ্ঞা প্ৰদান কৰিব লাগে। উল্লেখ কৰা প্ৰয়োজন যে,  যোৱা ৩০ ছেপ্তেম্বৰত শ্যামকানুৱে কৰিছিল এই লেখ আবেদন। অৱশ্যে এই আবেদনত আঁসোৱাহ থকাৰ বাবে উচ্চতম ন্যায়ালয়ে নাকচ কৰিছিল। শ্যামকানুৰ এই কু-কীৰ্তি পোহৰলৈ অহাৰ পাছত এই বুলিও চৰ্চা চলিছে যে, নিজক ৰক্ষাৰ বাবে সকলো পৰিকল্পনা কৰিহে শ্যামকানুৱে ধৰা দিছিল আৰক্ষীৰ হাতত।

জুবিন গাৰ্গ