/asomiyapratidin/media/media_files/2025/12/12/assssm-2025-12-12-13-39-07.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ অভিযোগনামা আদালতত দাখিল কৰাৰ দিনটোতে পোহৰলৈ আহিছে আন এক তথ্য। শ্যামকানু মহন্তৰ বাবে অধিবক্তা বিচাৰি হাঁহাকাৰ কৰিছে পত্নীয়ে। অসম উকীল সন্থাই পূৰ্বে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰিবলৈ অনুৰোধ জনাইছে শ্যামকানু মহন্তৰ পত্নীয়ে।
মানৱীয় দৃষ্টিভংগীৰে এই গোচৰটোৰ হৈ উকালতি কৰিবলৈ আহ্বান জনাইছে শ্যামকানু মহন্তৰ পত্নীয়ে। এই সমগ্ৰ বিষয়টো সংবাদ মাধ্যমৰ আগত সদৰি কৰিলে সদৌ অসম উকীল সন্থাৰ প্ৰতিনিধিয়ে। আগন্তুক সময়ত এই বিষয়টোক লৈ পৰ্যালোচনা কৰিব বুলি সদৰি কৰে অসম উকীল সন্থাই।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ সৈতে জড়িত কোনো অভিযুক্তৰ বিৰুদ্ধে উকালতি নকৰাৰ সিদ্ধান্ত লৈছিল অসম উকীল সন্থাই। তাৰ পিছতে শ্যামকানু মহন্তৰ হৈ কোনো অধিবক্তাই আদালতত যুক্তি প্ৰদৰ্শন কৰা নাছিল। ইফালে অসম উকীল সন্থাৰ উপৰিও হাইকৰ্ট বাৰ এছোচিয়েশ্যনৰো কাষ চাপিছে শ্যামকানুৰ পত্নীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us