New Update
/asomiyapratidin/media/media_files/2025/09/25/new-ap-web-1-1-2025-09-25-17-27-56.jpg)
- জুবিন গাৰ্গৰ মৃত্যুক লৈ শ্যামকানু মহন্তই মুকলি কৰিছে পুনৰ এক ভিডিঅ বাৰ্তা।
- নিজকে নিদোৰ্ষী বুলি ভিডিঅটোত সদৰি কৰিছে শ্যামকানুৱে।
- শ্যামকানুৱে কয় যে, ৰাইজৰ ৰোষত পৰাৰ ভয়ত মই গুৱাহাটীলৈ যোৱা নাই।
- মোক মিছাতে এক চক্ৰই দোষী সজাইছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শ্যামকানুৱে।
- জুবিনৰ স্বাস্থ্যক লৈও শ্যামকানুৰ মন্তব্য।
- জুবিন গাৰ্গ ছিংগাপুৰলৈ অহাৰ পূৰ্বে মুম্বাইত সুন্দৰকৈ গীত পৰিৱেশন কৰিছিল বুলি মন্তব্য শ্যামকানুৰ।
- সামাজিক মাধ্যমত কোৱাৰ দৰে জুবিন সিমান অসুস্থ নাছিল বুলিও উল্লেখ কৰে শ্যামকানুৱে।
- সামাজিক মাধ্যমত বহু ভুৱা তথা এ আইত নিৰ্মাণ কৰা ভিডিঅ চলি আছে বুলিও কয় শ্যামকানুৱে।
- জুুবিনে নিজেই নৰ্থ ইষ্ট ফেষ্টিভেললৈ অহাৰ কথা হৈছিল মোকঃ শ্যামকানু।
- ১৭ছেপ্টেম্বৰত পোনপতীয়া বিমান থকাৰ বাবেহে আগতীয়াকৈ জুবিন কিছু জিৰণি লবলৈ আহিছিল ছিংগাপুৰলৈঃ শ্যামকানু।
- জুবিন মৃত্যু হোৱা স্থলীৰ পৰা বহু দূৰৈত আমি আছিলো, এই ঘটনাৰ সৈতে আমি কোনো পধ্যেই জড়িত নাইঃ শ্যামকানু।
- সমগ্ৰ ঘটনাৰ ওপৰত আইনে বিচাৰ কৰিব বুলিও মন্তব্য কৰে শ্যামকানুৱে।
- জুবিনক হেৰুৱাৰ পিছত ময়ো খুবেই মৰ্মাহত হৈ আছো, জুবিনক হেৰুওৱাৰ দুখে মোক শোকাহত কৰিছেঃ শ্যামকানু।
- জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সকলো অনুষ্ঠান বাতিল কৰা হৈছিলঃ শ্যামকানু।
- বৰ্তমান অসমত নাই বুলিও ভিডিঅৰ জৰিয়তে স্পষ্ট কৰিলে শ্যামকানু মহন্তই।