পোলাও মাংস বাহিৰতে থাকিল! লকআপত তিতা কেৰেলাৰে ভাত খালে শ্যামকানুৱে...

চি আই ডিৰ লকআপত দিন-ৰাতি পাৰ কৰিছে শ্যামকানুৱে। বিলাসী জীৱন কটোৱা শ্যামকানুৰ বাবে এই দিনকেইটা নৰকসদৃশ হৈছে। এনে বেয়া দিনত কিছু সকাহ দিবলৈ শ্যামকানুৰ পত্নীয়ে

author-image
Asomiya Pratidin
New Update
ujjjjd

ডিজিটেল ডেস্কঃ চি আই ডিৰ লকআপত দিন-ৰাতি পাৰ কৰিছে শ্যামকানুৱে। বিলাসী জীৱন কটোৱা শ্যামকানুৰ বাবে এই দিনকেইটা নৰকসদৃশ হৈছে। এনে বেয়া দিনত কিছু সকাহ দিবলৈ শ্যামকানুৰ পত্নীয়ে প্ৰতিটো দিনতেই ৰান্ধি নিছে স্বামীয়ে ভাল পোৱা আহাৰ।

কিন্তু চি আই ডিয়ে প্ৰথম দিনটোৰ পিছত বাকী দিনকেইটাত ঘৰৰ কোনো খাদ্য অনাত নিষেধাজ্ঞা আৰোপ কৰিছে। যাৰ ফলত পত্নীয়ে শ্যামকানুলৈ মৰমেৰে ৰান্ধি অনা খাদ্য এতিয়া পৰি ৰৈছে চি আই ডিৰ মুখ্য কাৰ্যালয়ৰ গেট পইন্টত।

যোৱা বৃহস্পতিবাৰেই শ্যামকানুৰ পত্নীয়ে ৰান্ধি আনিছিল চিকেন গ্ৰেভি আৰু পোলাও। কিন্তু চি আই ডিয়ে সেই টোপোলা ভিতৰতলৈ নিব নিদিলে। যাৰ বাবে চি আই ডিৰ লকআপত     দালি আৰু কেৰেলা ভাজিৰে ভাত খাইছে শ্যামকানুৱে। এ চি ৰূমৰ বাহিৰত টোপনি নহা শ্যামকানু শুইছে লকআপৰ ভিতৰতে।

ইফালে যোৱা বৃহস্পতিবাৰৰ পৰা চি আই ডি  কাৰ্যালয়ৰ গেট পইন্টত পৰি আছে অমৃতপ্ৰভা মহন্তই খাবলৈ অনা টিফিনটোও। শেখৰ গোস্বামীলৈও পত্নীয়ে মৰেমেৰে পঠিওৱা খাদ্যৰ টিফিনো পৰি আছে সেই একে ঠাইতে।

অৱশ্যে মেনেজাৰ সিদ্ধাৰ্থলৈ এতিয়ালৈকে কোনো লোকেই খাদ্যৰ টোপোলা প্ৰেৰণ কৰা নাই। বাহিৰৰ পৰা অনা ঔষধ-কাপোৰ-খাদ্য একেবাৰেই ভিতৰলৈ নিয়াত নিষিদ্ধ কৰাত এতিয়া নাজল-নাথল অৱস্থা হৈছে আটাইকেইগৰাকী অভিযুক্তৰ।

শ্যামকানু মহন্ত