ছিংগাপুৰ আৰক্ষীয়ে কিয় আটক নাইবা গ্ৰেপ্তাৰ নকৰে শ্যামকানুক?

আজি মঙলবাৰ। জুবিন গাৰ্গ মৃত্যুকাণ্ডৰ তদন্ত কৰিবলৈ আজি তদন্তকাৰী দলৰ দুগৰাকী বিষয়া ৰাওনা হৈছে ছিংগাপুৰলৈ। ছিংগাপুৰত প্ৰৱাসী অসমীয়াসকলৰ লগতে জুবিন গাৰ্গ থকা হোটেলখনৰ কৰ্মচাৰীকো তদন্তত সামৰি ল'ব এই দলটোৱে।

author-image
Asomiya Pratidin
New Update
yhhhhdd

ডিজিটেল ডেস্কঃ আজি মঙলবাৰ। জুবিন গাৰ্গ মৃত্যুকাণ্ডৰ তদন্ত কৰিবলৈ আজি তদন্তকাৰী দলৰ দুগৰাকী বিষয়া ৰাওনা হৈছে ছিংগাপুৰলৈ। ছিংগাপুৰত প্ৰৱাসী অসমীয়াসকলৰ লগতে জুবিন গাৰ্গ থকা হোটেলখনৰ কৰ্মচাৰীকো তদন্তত সামৰি ল'ব এই দলটোৱে।

যোৱা ২৪ঘন্টা ধৰি চৰ্চা হৈ আছে যে, শ্যামকানু মহন্তক আটক নাইবা গ্ৰেপ্তাৰ কৰি ৰাখিছে ছিংগাপুৰ আৰক্ষীয়ে। দৰাচলতে শ্যামকানুক কোনো আটক নাইবা গ্ৰেপ্তাৰ কৰা নাই ছিংগাপুৰ আৰক্ষীয়ে।কাৰন তেওঁৰ বিৰুদ্ধে তাত কোনো গোচৰ নাই ছিংগাপুৰত। অৱশ্যে ভাৰত চৰকাৰৰ অনুৰোধৰ ভিত্তিত ছিংগাপুৰ আৰক্ষীয়ে তেওঁক নজৰবন্দী কৰিব ৰাখিব পাৰে।

জুবিন গাৰ্গৰ মৃত্যুৰ বাবে শ্যামকানু মহন্তৰ বিৰুদ্ধে অসমত গোচৰ ৰুজু কৰা হৈছে যদিও ছিংগাপুৰত তেওঁৰ বিৰুদ্ধে নাই কোনো গোচৰ। জুবিন গাৰ্গৰ সৈতে উক্ত দিনটোত সংঘটিত হোৱা অঘটনৰ সময়তো উক্ত স্থানত উপস্থিত নাছিল শ্যামকানু। যিসকল উপস্থিত আছিল সেইসকলৰ বিৰুদ্ধে ইতিমধ্যেই ছিংগাপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ছিংগাপুৰ আৰক্ষীৰ এই তদন্তৰ পৰা বাহিৰত আছে শ্যামকানু। সেয়েহে বৰ্তমান নিৰ্ভয়ে ছিংগাপুৰতে আছে শ্যামকানু। ছিংগাপুৰত থকা শ্যামকানুক অসম আৰক্ষী তালৈ গৈও পোনপতীয়াকৈ তদন্ত চলাব নোৱাৰিব। কিয়নো দুয়োখন দেশৰ মাজত  আইনী জটিলতা আহি পৰিব। এই প্ৰক্ৰিয়াটো সাধাৰণতে দীঘলীয়া। ইফালে শ্যামকানুৰ টুৰিষ্ট ভিছাৰ ম্যাদ আছে আগন্তুক দুটা বছৰলৈ। 

এই সমগ্ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই অসম চৰকাৰে ভাৰত চৰকাৰলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰিছে যে, ছিংগাপুৰ বিদেশ মন্ত্ৰালয়ৰ সৈতে কথা পাতি এই আইনী প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ। ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰালয়ে এই প্ৰস্তাৱ প্ৰেৰণ কৰাৰ পাছতহে অসম আৰক্ষীৰ তদন্তকাৰী বিষয়াই জুবিন গাৰ্গ মৃত্যকাণ্ড ঘটনাতকৈ তেওঁ বিত্তীয় লেনদেন বিষয়টোক অধিক অগ্ৰাধিকাৰ দি ছিংগাপুৰৰ পৰা উভতাই আনিব পাৰিব শ্যামকানুক। তাৰ আগতে শ্যামকানুক চকুৰ আগত পালেও একো কৰিব নোৱাৰে অসম আৰক্ষীৰ দলে। 

ইফালে ছিংগাপুৰ আৰক্ষীয়ে শ্যামকানুৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ অৱকাশ নাই। কিয়নো ছিংগাপুৰত আয়োজন কৰা এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত হৈ আছে খোদ ছিংগাপুৰৰ চৰকাৰ। প্ৰাপ্ত তথ্য অনুসৰি, এই ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ প্ৰতিষ্ঠানৰ লগতে আন সহযোগী আয়োজক আছিল ছিংগাপুৰস্থিত ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ৰ লগতে ছিংগাপুৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগ। সেই দিশৰ পৰা ছিংগাপুৰ প্ৰশাসন শ্যামকানুৰ বিৰুদ্ধে অধিক সৰৱ হোৱাৰ কোনো সম্ভাৱনা নাই। 

এতিয়া ছিংগাপুৰত সজাঁত বন্দী এটা চৰাইৰ দৰে অৱস্থা হৈছে শ্যামকানুৰ। ছিংগাপুৰ আৰক্ষীয়ে নজৰত ৰখা শ্যামকানু তাৰ পৰা অসমলৈ নাইবা অসম আৰক্ষীৰ হাতত আত্মসমপৰ্ণ কৰাৰ বাহিৰে এতিয়া গত্যন্তৰ নাই। সেয়েহে মুখ্যমন্ত্ৰীয়ে প্ৰত্যয়েৰে কৈছে যে, অহা ২-৩দিনত গ্ৰেপ্তাৰ হ'ব শ্যামকানু। 

জুবিন গাৰ্গ