ভাৰতৰ পূৰ্বেই মালয়েছিয়াৰ পৰাই আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছিল শ্যামকানুৱে...

জুবিন মৃত্যুকাণ্ডৰ সৈতে নাম সাঙুৰ খোৱাৰ পিছতে শ্যামকানু মহন্তই নিজক কেনেকৈ বচাব পাৰি সেই অভিযানত নামি পৰিছিল। অসম চৰকাৰৰ অনুৰোধত ভাৰত চৰকাৰ অধিক কঠোৰ হ'ব বুলি সম্ভাৱনা ব্যক্ত কৰিয়েই

author-image
Asomiya Pratidin
New Update
yhhh

ডিজিটেল ডেস্কঃ জুবিন মৃত্যুকাণ্ডৰ সৈতে নাম সাঙুৰ খোৱাৰ পিছতে শ্যামকানু মহন্তই নিজক কেনেকৈ বচাব পাৰি সেই অভিযানত নামি পৰিছিল। অসম চৰকাৰৰ অনুৰোধত ভাৰত চৰকাৰ অধিক কঠোৰ হ'ব বুলি সম্ভাৱনা ব্যক্ত কৰিয়েই শ্যামকানু মহন্তই ২৯ছেপ্টেম্বৰ, ২০২৫ত মালয়েছিয়াৰ পৰা আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

জুবিন মৃত্যুকাণ্ডক লৈ ৰুজু হোৱা গোচৰৰ পৰা ৰেহাই পোৱাৰ উদ্দেশ্যৰে মালয়েছিয়াৰ চাং মে কী নামৰ অধিবক্তাগৰাকীৰ জৰিয়তে এক লেখ আবেদন কৰিছিল উচ্চতম ন্যায়ালয়ৰ। ২৯ছেপ্টেম্বৰত মালয়েছিয়াৰ জহৰ বাহাৰো নামৰ চহৰখনৰ চাং মে কী নামৰ অধিবক্তাগৰাকীৰ হতুৱাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা এই আবেদনত বিপক্ষৰ স্থানৰ ৰখা হৈছিল কেন্দ্ৰীয় চৰকাৰ আৰু অন্যান্য সংগঠনক।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ছিংগাপুৰৰ পৰা মালয়েছিয়াৰ এই চহৰখনলৈ দুৰত্ব মাত্ৰ ২১.৪কিলোমিটাৰ। যিসময়ত জুবিনক হেৰুওৱাৰ দুখত ৰাজ্যবাসী শোকস্তদ্ধ হৈ আছিল, সেই সময়ত নিজক কেনেকৈ বচাব পাৰি তাৰ বাবে বিদেশত অধিবক্তাৰ পিছে পিছে দৌৰি আছিল শ্যামকানু।

a814e7fa-f980-4e8c-a934-a8170b6933a3

বিদেশত ইমান পৰিকল্পিভাৱে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা শ্যামকানুক এক অদৃশ্য শক্তিয়ে সহায় কৰি আহিছে বুলিও সচেতন মহলে সন্দেহ ব্যক্ত কৰিছে। ইফালে ৩০ছেপ্টেম্বৰত দিল্লীৰ এগৰাকী প্ৰতিষ্ঠিত অধিবক্তাৰ জৰিয়তেও উচ্চতম ন্যায়ালয়ত অন্য এখন লেখ আবেদন দাখিল কৰিছিল শ্যামকানুৱে।

মুঠৰ ওপৰত নিজক বচাবলৈ শ্যামকানুৱে দেশে-বিদেশে সকলোতে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰি দিছিল। ভাৰতৰ লগতে মালয়েছিয়াতো  আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা শ্যামকানুৱে উক্ত আবেদনখনত চহীও কৰিছিল। যি সময়ত অসমৰ সংবাদমাধ্যমত শ্যামকানুক ছিংগাপুৰত আটক কৰা হৈছে বুলি চৰ্চা হৈছিল সেই সময়ত এনে আইনী প্ৰক্ৰিয়াৰ সৈতে ব্যস্ত আছিল শ্যামকানু। 

শ্যামকানু মহন্ত