/asomiyapratidin/media/media_files/2025/10/28/syamamm-2025-10-28-09-46-48.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰে অন্ত পৰিল বাক্সা জেইলত থকা জুবিন মৃত্যুকাণ্ডৰ ৫অভিযুক্তৰ। শ্যামকানু, সিদ্ধান্ত, সন্দীপনৰ লগতে জুবিনৰ দুই দেহৰক্ষীক কাৰাগাৰৰ পৰাই মঙলবাৰে পুৱা ভাৰ্চুৱেলী হাজিৰ কৰোৱা হয় আদালতত। চি জে এম আদালতে শ্যামকানু মহন্তসহ ৫অভিযুক্ত পুনৰ ১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
আগন্তুক ১৪টা দিন বাক্সা কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্তসহ ৫অভিযুক্ত। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ১৪অক্টোবৰত বাক্সা জেইললৈ প্ৰেৰণ কৰা হৈছিল এই ৫অভিযুক্তক। উক্ত দিনটোতে জেইলৰ বাহিৰত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ।
ইফালে জুবিন মৃত্যুকাণ্ডৰ সৈতে জড়িত আন দুগৰাকী অভিযুক্ত ক্ৰমে শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক ৰখা হৈছে হাফলং জেইলত। আগন্তুক দুই এদিনতে তেওঁলোকৰো ন্যায়িক জিম্মাৰ ম্যাদ অন্ত পৰিব। উল্লেখ কৰা প্ৰয়োজন যে, জুবিন মৃত্যুকাণ্ডক লৈ তদন্ত অব্যাহত ৰাখিছে এছ আই টিয়ে।
এই বিষয়ৰ সন্দৰ্ভত এতিয়ালৈকে ৬০ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। ছিংগাপুৰলৈ গৈও সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ বুজ লৈছিল এছ আই টিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us