/asomiyapratidin/media/media_files/2025/10/04/ijjjd-2025-10-04-13-10-18.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ লগতে বহুকেইটা অৰ্থনৈতিক অনিয়মেৰে নাম সাঙুৰ খোৱা শ্যামকানু মহন্ত বিগত কেইবাটাও দিন ধৰি আছে চি আই ডিৰ লকআপত। প্ৰতিদিনাই পত্নীয়ে পুৱা-গধুলি শ্যামকানুক সাক্ষাত কৰে যদিও শনিবাৰে পুৱাভাগতে পুত্ৰক সাক্ষাত কৰিবলৈ আহিল মাতৃ।
শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ সৈতে ৰোগীয়া দেহাৰেই চি আই ডিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'ল মাতৃ নিৰুপমা মহন্ত। কপাঁ কপাঁ খোজেৰে পুত্ৰক সাক্ষাত কৰিবলৈ বোৱাৰীৰ সৈতে চি আই ডি কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰে মাতৃ নিৰুপমা মহন্তই।
উল্লেখ্য যে, প্ৰথম পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ সৈতে নাম সাঙুৰ খোৱাৰ পাছতে শ্যামকানুৰ বহুকেইটা বিত্তীয় অনিয়মৰ ঘটনাৰ তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে এই অনিয়মক লৈও পৃথক গোচৰ ৰুজু কৰা হৈছে। আয়কৰ বিভাগেও শ্যামকানুৰ সম্পত্তিক লৈ নিজাববীয়াকৈ তদন্ত চলোৱাৰ সম্ভাৱনা আছে। এনে জটিল পৰিস্থিতিত সোমাই পৰা শ্যামকানুক বিপদৰ মূৰ্হুুতত দেখা কৰিবলৈ আহিল মাতৃয়ে।