/asomiyapratidin/media/media_files/2025/09/24/syamn-ss-2025-09-24-18-25-51.jpg)
ডিজিটেল ডেস্কঃ মিছাৰ ওপৰত মিছা মাতি নিজেই পতা জালত বন্দী হোৱাৰ দিশে শ্যমকানু মহন্ত। জুবিন গাৰ্গৰ মৃত্যুক লৈ শ্যামকানু মহন্তৰ স্পষ্টীকৰণত যে চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লৈছিল সেই কথা পোহৰলৈ আনিলে ছিংগাপুৰ অসম এছোচিয়েশ্যনৰ সভাপতি অভিমুন্য তালুকদাৰে।
শ্যামকানু মহন্তই তেওঁৰ স্পষ্টীকৰণত কৈছিল যে, জুবিনে য়াট বুকিং কৰি পাৰ্টি কৰিবলৈ যোৱাৰ কথা তেওঁ গমেই পোৱা নাছিল। কিন্তু শেহতীয়াকৈ ছিংগাপুৰ অসম এছোচিয়েশ্যনৰ সভাপতি অভিমুন্য তালুকদাৰে ৰাজহুৱা কৰিছে যে, জুবিনক য়াটত লৈ পাৰ্টি কৰিবলৈ যোৱাৰ কথা আগতীয়াকৈ জনোৱা হৈছিল শ্যামকানুক।
তন্ময় ফুকন নামৰ ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়া গৰাকীয়ে আগতীয়াকৈ শ্যামকানুক ফোন কৰি কৈছিল যে, তেওঁলোকে জুবিনক লৈ সাগৰলৈ যাব। কিন্তু সেই সময়ত শ্যামকানুৱে জুবিনৰ স্বাস্থ্যৰ কথা গৌণ কৰি অনুষ্ঠানটোৰ ফাংচনত যাতে কোনো প্ৰভাৱ নপৰে তাৰ বাবে চকু ৰাখিবলৈ কৈছিল।
শ্যামকানুৱে ফোনত তন্ময় ফুকনক কৈছিল যে জুবিনে তাত যি টি খাই যাতে মোৰ ফাংচনত উল্টা-পুল্টা নকৰে।' অনুষ্ঠানটোত কোনো বেমেজালিৰ যাতে সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি শ্যামকানুৱে সৰ্তক হ'লৈ কৈছিল তন্ময়ক। এই কথা শেহতীয়াকৈ সদৰি কৰিছে ছিংগাপুৰ অসম এছোচিয়েশ্যনৰ সভাপতি অভিমুন্য তালুকদাৰে।
এই সকলোবোৰ কথা আগতীয়াকৈ জনোৱাৰ পিছতো শ্যামকানুৱে বাৰে বাৰে মিছাৰ আশ্ৰয় লৈ কৈছিল যে, জুবিন সাগৰলৈ ফুৰিবলৈ যোৱাৰ কথা তেওঁ গমেই পোৱা নাছিল। অৱশেষত শ্যামকানুৰ সেই মিথ্যাচাৰো পোহৰলৈ আহিল।