New Update
/asomiyapratidin/media/media_files/2025/09/23/410-2025-09-23-20-23-20.jpg)
ডিজিটেল ডেস্ক : জুবিন গাৰ্গ মৃত্যু কেন্দ্ৰিক বিতৰ্কত নাম সাঙোৰ খোৱা নৰ্থ- ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মূল আয়োজক শ্যামকানু মহন্ত ছিংগাপুৰৰ পৰা ঘূৰি আহিছে। অসুস্থ জুবিন গাৰ্গক ছিংগাপুৰলৈ নি মৃত্যুমুখলৈ ঠেলি দিয়া শ্যামকানুৰ বিৰুদ্ধে ৬০টাতকৈও অধিক গোচৰ ৰুজু হৈছে।
এই সকলোবোৰ গোচৰৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ সমূহীয়াভাৱে চি আই ডিত ৰুজু হৈছে আন এক গোচৰ। যিটো গোচৰৰ নম্বৰ ১৮/ ২০২৫। চি আই ডি থানাত ৰুজু হোৱা এই গোচৰৰ ভিত্তিত যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু মহন্ত।
গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ আগতীয়া জামিন বিচাৰি আবেদন কৰিবলৈ ততপৰ হৈ পৰিছে শ্যামকানু। অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰা তথ্য অনুসৰি ৰাজ্যৰ ৩জন বিশিষ্ট অধিবক্তাক শ্যামকানু মহন্তই তেওঁৰ হৈ আদালতত আগতীয়া জামিন আবেদন দাখিল কৰিবলৈ অনুৰোধ জনাইছিল।
বিনিময়ত যিমান ধনৰ প্ৰয়োজন হয়, সেয়া দিবলৈও প্ৰস্তুত হৈছিল শ্যামকানু। কিন্তু ৩জন বিশিষ্ট অধিবক্তাই শ্যামকানুৰ সেই অনুৰোধ প্ৰত্যাখ্যান কৰিছে। তেওঁলোকৰ মতে, জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খাই পৰা শ্যামকানুৰ হৈ তেওঁলোকে আবেদন জনাব নিবিচাৰে।
অসমৰ ৰাইজৰ আবেগ আৰু অনুভূতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শ্যামকানুৰ এই অনুৰোধ প্ৰত্যাখ্যান কৰিছে এই ৩জন অধিবক্তাই। বিকল্প অধিবক্তাৰ সন্ধানত এতিয়া নামি পৰিছে শ্যামকানু মহন্ত।