গেলা গেলা গোন্ধাইছে সিদ্ধাৰ্থ, শ্যামকানুৰ গাঃ লকআপত লাগে দামী Deodorant...

তেওঁলোক আছে চি আই ডিৰ জিম্মাত। ১৯ ছেপ্তেম্বৰৰ আগলৈকে ভি আই পিৰ সুবিধা লাভ কৰা এই দুয়োগৰাকীয়েই ১ অক্টোবৰৰ পৰা চি আই ডিৰ লকআপত থাকিবলগীয়া হৈছে। লকআপতে খাইছে, শুইছে। 

author-image
Tushar Pratim
New Update
syam 07

ডিজিটেল ডেস্কঃ ১৯ ছেপ্তেম্বৰ, ২০২৫ ত ছিংগাপুৰত মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি হত্যাৰ বলি হৈছিল জুবিন গাৰ্গ। ১ অক্টোবৰত যোৰহাটত অসম চৰকাৰৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হৈছিল জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ। সেই দিনাই পুৱা গুৱাহাটী আহি পাইছিল দুয়ো। 

তেতিয়াৰ পৰা এতিয়ালৈকে তেওঁলোক আছে চি আই ডিৰ জিম্মাত। ১৯ ছেপ্তেম্বৰৰ আগলৈকে ভি আই পিৰ সুবিধা লাভ কৰা এই দুয়োগৰাকীয়েই ১ অক্টোবৰৰ পৰা চি আই ডিৰ লকআপত থাকিবলগীয়া হৈছে। লকআপতে খাইছে, শুইছে। 

সৌ সিদিনালৈকে পঞ্চতাৰকা হোটলেত, বিলাসী প্ৰসাদত থকা এই দুজনক এতিয়া লকআপতো লাগে বিলাসী জীৱন। লকআপৰ গোন্ধ নোহোৱা কৰিবলৈ লাগে দামী সুগন্ধী।

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ কাহিনী এয়া। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত অভিযুক্ত দুয়ো। ১ অক্টোবৰৰ পৰা চি আই ডিৰ লকআপত থকা শ্যামকানু, সিদ্ধাৰ্থক লাগে হেনো ডিঅ’ডৰেণ্ট। 

লকআপত গা-ধুবলৈ নোপোৱাত গেলা গেলা গোন্ধাইছে সিদ্ধাৰ্থ আৰু শ্যামকানুৰ গা। সেয়ে গাৰ দুৰ্গন্ধ নোহোৱা কৰিবলৈ লাগে ডিঅ’ডৰেণ্ট। চি আই ডিৰ কাৰ্যালয়লৈ প্ৰতিদিনেই অহা-যোৱা কৰা শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্ত আৰু সিদ্ধাৰ্থৰ আত্মীয়ই সেয়ে তেওঁলোকে বিচৰা ধৰণেই লৈ গৈছে ডিঅ’ডৰেণ্ট আৰু অন্যান্য কিছু সামগ্ৰী। 

পিছে চি আই ডিৰ কাৰ্যালয়ৰ বাহিৰত থকা সুৰক্ষা কৰ্মীয়ে সেই সামগ্ৰী নিবলৈ নিদিলে ভিতৰলৈ। কাৰ্যালয়ৰ বাহিৰতে থ’বলগীয়া হ’ল সেই সামগ্ৰী। একেদৰে শ্যামকানুলৈ অনিতা ডেকাই লৈ যোৱা বিশিষ্ট গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়াৰ 'বেংছতা' গ্ৰন্থখনো চি আই ডিৰ সুৰক্ষা কৰ্মীয়ে ৰাখি থয়। 

সেই গ্ৰন্থৰ ভিতৰতে এখন কাগজত লিখা আছিল শাস্ত্ৰৰ এটা শ্লোক। হয়তো অনীতি, অনিয়, দুৰ্নীতিৰ পাছত জুবিনৰ মৃত্যুৰ ঘটনাৰেও নাম জড়িত হোৱা শ্যামকানুৰ পাপ হ্ৰাস কৰিবলৈকে লকআপৰ ভিতৰত শাস্ত্ৰৰ শ্লোক মাতিবলৈ সুবিধা হোৱাকৈ কাগজতে লিখি লৈ গৈছিল পত্নীয়ে। 

''হে কৃষ্ণ লক্ষীনাথ ব্ৰজেৰ বান্ধৱ হৰি
হে ৰাম ব্ৰজ দুখ অতি বিনাশন
দুখ সংসাৰত পৰি আছোঁ আমি ব্ৰজবাসী
গোবিন্দে কৰিব নিবৰ্তন।।''

কাগজত লিখি নিয়া শাস্ত্ৰৰ এই শ্লোক দিনে ৪ ৰ পৰা ৫ বাৰলৈকে পঢ়িবলৈয়ো নিৰ্দেশনা দিয়া আছিল। পিছে শ্যামকানুৰ হাতত এই শাস্ত্ৰৰ শ্লোকো নপৰিলগৈ। চি আই ডিয়ে বাহিৰতেই ৰাখি থ’লে এইসকলোবোৰ। এই দৃশ্যবোৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই এতিয়া আৰম্ভ হৈছে চৰ্চা। 

চি আই ডি শ্যামকানু মহন্ত