গোসাঁই সমাজৰ পৰা এঘৰীয়া হ'ল শ্যামকানু মহন্ত, ভাস্কৰজ্যোতি মহন্ত...

সদৌ অসম গোসাঁই সমাজৰ পৰা বহিষ্কাৰ শ্যামকানু মহন্ত আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ, ৰাজ্যিক তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্ত তথা প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্ত আৰু তেওঁৰ পৰিয়ালক।

author-image
Tushar Pratim
New Update
new ap web 1 (22)

ডিজিটেল ডেস্কঃ সদৌ অসম গোসাঁই সমাজৰ পৰা বহিষ্কাৰ কৰা হৈছে শ্যামকানু মহন্ত আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ, ৰাজ্যিক তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্ত তথা প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্ত আৰু তেওঁৰ পৰিয়ালক। সদৌ অসম গোসাঁই সমাজৰ সভাপতি দেবেন্দ্ৰ নাথ মহন্ত আৰু প্ৰধান সম্পাদক বিপ্লৱ জ্যোতি মহন্তই স্বাক্ষৰ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা উল্লেখ কৰিছে। 

জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম জড়িত হৈ পৰা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তক জুবিন গাৰ্গৰ হত্যাকাৰী বুলি উল্লেখ কৰি কয় যে, আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিনদাক হত্যা কৰা নৰ পিশাচ ৰূপী শ্ৰীশ্ৰী বৰখাট পাৰ সত্ৰৰ শ্যামকানু মহন্ত আৰু তেওঁৰ পৰিয়ালবৰ্গক সদৌ অসম গোঁসাই সমাজৰ পৰা বৰ্জন কৰা হ’ল। 

ভাস্কৰজ্যোতি মহন্তৰ জীয়ৰী সৃজনী ভাস্ব মহন্তই যোৱা ব’হাগ বিহুৰ সময়ছোৱাত সৃষ্টি কৰা বিতৰ্কৰ কথা উল্লেখ কৰি সেই ঘটনাৰ বাবেও বৰ্জন কৰাৰ কথা উল্লেখ কৰিছে। বিবৃতিত তেওঁলোকে কয়, ভাস্কৰজ্যোতি মহন্তৰ জীয়ৰী সৃজনী ভাস্ব মহন্তৰ লগতে পৰিয়ালক গোসাঁইৰ সমাজৰ পৰা বহিষ্কাৰ কৰা হ’ল কিয়নো বিহুৰ সময়ত যিটো ভিডিঅ’ ৰিলিজ কৰিছিল সেয়া কোনো কাৰণে গ্ৰহণযোগ্য নহয়। 

তেওঁলোকে কয় এই বিষয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আজিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ধৃষ্টতামূলক এনে কাৰ্যৰ বাবে সদৌ অসম গোসাঁই সমাজে গভীৰ উদ্বেগ প্ৰকাশ কৰি তীব্ৰ গৰিহণা দিছে আৰু শ্ৰীশ্ৰী বৰখাট পাৰ সত্ৰৰ এই পৰিয়ালটোক আনুষ্ঠানিকভাৱে গোসাঁই সমাজে বৰ্জন কৰা বুলি উল্লেখ কৰি আগন্তুক সময়ত তেওঁলোকৰ সৈতে গোসাই সমজাৰ কোনো সম্পৰ্ক নাই বুলি ঘোষণা কৰিছে। 

ভাস্কৰজ্যোতি মহন্ত শ্যামকানু মহন্ত