অচিৰেই গ্ৰেপ্তাৰ হ'ব শ্যমকানু মহন্ত!

যিকোনো মূৰ্হুততে গ্ৰেপ্তাৰ হ'ব পাৰে জুবিন গাৰ্গৰ মৃ্ত্যুৰ সৈতে নাম সাঙুৰ খোৱা একাধিক লোক। ইতিমধ্যে চি আই ডিত শনিবাৰে ৰুজু কৰা হৈছিল ১৮/২০২৫নম্বৰৰ গোচৰ। জুবিনৰ অনুৰাগীসকলেও ছিংগাপুৰলৈ

author-image
Asomiya Pratidin
New Update
ujjjjss

ডিজিটেল ডেস্কঃ  যিকোনো মূৰ্হুততে গ্ৰেপ্তাৰ হ'ব পাৰে জুবিন গাৰ্গৰ মৃ্ত্যুৰ সৈতে নাম সাঙুৰ খোৱা একাধিক লোক। ইতিমধ্যে চি আই ডিত শনিবাৰে ৰুজু কৰা হৈছিল ১৮/২০২৫নম্বৰৰ গোচৰ। জুবিনৰ অনুৰাগীসকলেও ছিংগাপুৰলৈ শিল্পীজনক লৈ যোৱা শ্যমকানু মহন্তকে ধৰি জুবিনক সংগ দিয়া কেইবাজনো লোকক এই মৃত্যুৰ বাবে দায়ী বুলি অভিযোগ উত্থাপন কৰিছে। 

যোৱা শনিবাৰে ছিংগাপুৰৰ পৰা তেওঁৰ নশ্বৰ দেহ এয়াৰ ইণ্ডিয়াৰ বিমানেৰে অনা হৈছিল। সেই বিমানতে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ, তেওঁৰ ভাতৃ সন্দীপন গাৰ্গ, জুবিনৰ ঘনিষ্ঠ বাদ্যযন্ত্ৰ শিল্পী শেখৰো আহিছিল। কিন্তু অসমৰ পৰিস্থিতি দেখি তেওঁলোক দিল্পীৰ পৰা জুবিনৰ নশ্বৰ দেহৰ সৈতে গুৱাহাটী অভিমুখে অহা নাছিল।  জানিব পৰা মতে, দিল্লীৰ এখন হোটেলত বাহৰ পাতি আছে তিনিও। ইফালে ছিংগাপুৰৰ পৰা উভতা নাই জুবিনৰ মৃত্যুৰ বাবে মূল দায়ী বুলি অভিযুক্ত শ্যামকানু। 

জুবিন গাৰ্গ