নৱবৰ্ষৰ আনন্দৰ মাজতে বিষাদ : বিধংসী অগ্নিকাণ্ডত প্ৰাণ গ'ল ৪০ জনৰ

উদ্ধাৰ কাৰ্যৰ বাবে ১০খন হেলিকপ্টাৰ, ৪০খন এম্বুলেন্স আৰু প্ৰায় ১৫০ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন মোতায়েন কৰা হয়। উদ্ধাৰ হোৱা লোকসকলক চুইজাৰলেণ্ডৰ বিভিন্ন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-01 at 5.47.43 PM

ডিজিটেল ডেস্কঃ নতুন বছৰ ২০২৬ক আদৰাৰ আনন্দত মত্ত থাকোতেই নিমিষতে বিষাদলৈ ৰূপান্তৰিত হ’ল ছুইজাৰলেণ্ডৰ আল্পছ পৰ্বতমালাৰ অন্যতম স্কি ৰিজ'ৰ্ট 'ক্ৰেন্স-মন্টানাত'। বৃহস্পতিবাৰে পুৱতি নিশা ছুইজাৰলেণ্ডৰ নাইট ক্লাব তথা বাৰত সংঘটিত হোৱা এক ভয়াৱহ অগ্নিকাণ্ডই কেইবাজনো লোকৰ প্ৰাণ কাঢ়ি নিয়ে।

আৰক্ষীৰ সূত্ৰই সদৰী কৰা অনুসৰি, এইপৰ্যন্ত প্ৰায় ৪০ জন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। ইপিনে প্ৰায় ১০০ জন লোক আহত হোৱা বুলি জানিবলৈ দিয়ে। ইয়াৰে অধিকাংশ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

WhatsApp Image 2026-01-01 at 5.45.02 PM

উল্লেখ্য যে ,উক্ত সময়ত বাৰখনত শতাধিক পর্যটক আৰু স্থানীয় লোক নৱবৰ্ষৰ পাৰ্টিত মগ্ন আছিল। প্রত্যক্ষদর্শীৰ মতে, এক প্ৰচণ্ড শব্দৰ সৈতে বিস্ফোৰণ ঘটে আৰু মুহূৰ্তৰ ভিতৰতে সমগ্ৰ অট্টালিকাটো জুইৰ শিখাই আৱৰি ধৰে। বাৰখনৰ কাঠৰ চিলিং থকাৰ বাবে জুই অতি ক্ষিপ্ৰতাৰে বিয়পি পৰে, যাৰ ফলত ভিতৰত থকা লোকসকলৰ বাবে ওলাই অহাটো অসম্ভৱ হৈ পৰে।

WhatsApp Image 2026-01-01 at 5.45.29 PM

আৰক্ষীয়ে ইয়াকো জনাই যে, উদ্ধাৰ কাৰ্যৰ বাবে ১০খন হেলিকপ্টাৰ, ৪০খন এম্বুলেন্স আৰু প্ৰায় ১৫০ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন মোতায়েন কৰা হৈছে। উদ্ধাৰ হোৱা লোকসকলক স্থানীয় বিভিন্ন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইপিনে সুৰক্ষাৰ খাতিৰত অঞ্চলটোৰ ওপৰেৰে বিমান চলাচলত বাধা প্ৰদান কৰিছে প্ৰশাসনে।

চুইজাৰলেণ্ড