/asomiyapratidin/media/media_files/2025/12/26/web-swiggy-1-2025-12-26-15-57-29.jpg)
ডিজিটেল ডেস্কঃ প্ৰায় সংখ্যক লোকে অনলাইনত খাদ্য সামগ্ৰী অৰ্ডাৰ দি খায় যভাল পায়। কোনোৱে যদি চুইগি, জোমেটো, জিপ্টো, ব্লিংকিট, আমাজনৰ পৰা খাদ্য সামগ্ৰী অৰ্ডাৰ কৰে । আন কোনোৱে আকৌ ফ্লিপকাৰ্টত খাদ্য বস্তু অৰ্ডাৰ কৰা দেখা যায়। কিন্তু এতিয়াৰে পৰা যদি আপুনি অনলাইন অৰ্ডাৰ কৰিম ভাবিছে এই এপ সমূহত তেন্তে বহুবাৰ চিন্তা কৰাৰ প্ৰয়োজন আছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/26/download-6-2025-12-26-15-27-42.jpeg)
শেহতীয়াকৈ, দেশৰ প্ৰধান ই-কমাৰ্চ আৰু খাদ্য ডেলিভাৰী প্লেটফৰ্মেৰে জড়িত ডেলিভাৰী আৰু গিগ কৰ্মীসকলৰ দেশজুৰি ধৰ্মঘট ঘোষণা কৰিছে। বিশেষকৈ ৩১ ডিচেম্বৰ নৱবৰ্ষ উদযাপন দিনা দেশজুৰি ধৰ্মঘট ঘোষণা কৰে । চুইগি, জোমেটো, জিপ্টো, ব্লিংকিট, আমাজন আৰু ফ্লিপকাৰ্টৰ দৰে প্লেটফৰ্মে সৰ্বভাৰতীয় ধৰ্মঘটৰ ঘোষণা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/26/delivery-riders-jpg-2025-12-26-15-28-09.webp)
ইপিনে ইণ্ডিয়ান ফেডাৰেচন অৱ এপ বেছড ট্ৰাঞ্চপ’ৰ্ট ৱৰ্কাৰছ আৰু তেলেংগানা গিগ এণ্ড প্লেটফৰ্ম ৱৰ্কাৰছ ইউনিয়নে কৰ্মৰ অৱস্থাৰ অৱনতিৰ প্ৰতিবাদেৰে এই ধৰ্মঘট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকৰ মজুৰি, সুৰক্ষা, চাকৰি সুৰক্ষা আৰু সামাজিক সুৰক্ষাক লৈয়ো উদ্বেগ প্ৰকাশ কৰিছে। লগতে ডেলিভাৰী কৰ্মীসকলৰ মতে, তেওঁলোকৰ কামৰ সময় দীঘলীয়া হোৱাৰ বিপৰীতে উপাৰ্জন সীমিত। সেয়ে তেওঁলোকে এই ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/26/images-17-2025-12-26-15-28-24.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us