'বন্দে ভাৰত'ত উঠি কোকৰাঝাৰলৈ ৰাজ্যপালঃ দেওবাৰে হাগ্ৰামা আৰু তেওঁৰ সতীৰ্থৰ শপতগ্ৰহণ

৫ অক্টোবৰ, দেওবাৰে অনুষ্ঠিত হ’ব পঞ্চম বিটিচি চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান। বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপতগ্ৰহণ কৰিব। 

author-image
Asomiya Pratidin
New Update
new ap web 2 (23)

ডিজিটেল ডেস্কঃ ৫ অক্টোবৰ, দেওবাৰে অনুষ্ঠিত হ’ব পঞ্চম বিটিচি চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান। বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপতগ্ৰহণ কৰিব। 

ৰাজহুৱা ভাৱে অনুষ্ঠিত হ’বলগীয়া এই শপতগ্ৰহণ অনুষ্ঠানৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি। কোকৰাঝাৰ চহৰৰ বডোফা নগৰৰ বিটিচি সচিবালয়ৰ খেল পথাৰত অনুষ্ঠিত হ’বলগীয়া এই শপতগ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। 

এই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্যেশ্যৰে আজি বন্দে ভাৰত ৰে’লৰ জৰিয়তে গুৱাহাটীৰ পৰা কোকৰাঝাৰলৈ ৰাওনা হৈছে। আজি নিশা তেওঁ জিলাখনৰ চৰাইখলাৰ টুৰিষ্ট গেষ্ট হাউচত নিশা পাৰ কৰিব। 

আনহাতে এই শপতগ্ৰহণ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ নৱ-নিৰ্বাচিত পৰিষদখনক শপতবাক্য পাঠ কৰাব অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটাই।

শপত গ্ৰহণ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দেওবাৰে পুৱা ৬ বজাত এফ এল এছৰ মাধ্যমেৰে দেশভক্তিমূলক গীত পৰিবেশন কৰাৰ পাছত পুৱা ৮ বজাত বিটিচিৰ মুখ্য সচিবগৰাকীৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হব।

৮-৩০ বজাত ডটোমাত থকা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জনোৱাৰ পাছত ৯-৪৫ বজাত দেৱৰগাঁৱত থকা বড়োলেণ্ডৰ ছহিদসকলৰ স্মাৰকত ছহিদ তৰ্পণ কৰিব। ১০-১৫ বজাত বিটিচি সচিবালয়ৰ সন্মুখত থকা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধা জনাই ১১ বজাৰ পৰা আৰম্ভ কৰিব পঞ্চম বিটিচিৰ শপতগ্ৰহণ অনুষ্ঠান। 

এই অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য হিচাপে হাগ্ৰামা মহিলাৰীৰ উপৰিও উপ-মুখ্য কাৰ্যবাহী সদস্য, বিধান অধ্যক্ষ, উপাধ্যক্ষ, প্ৰথম পৰ্যায়ত ৮ ৰ পৰা ১০ গৰাকী কাৰ্যবাহী সদস্যই শপতবাক্য পাঠ কৰিব। এই অনুষ্ঠানত অসম বিধানসভাৰ আন বহু কেইগৰাকী মন্ত্ৰী তথা সদস্যও উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। 

ইফালে হাগ্ৰামা মহিলাৰীয়ে এন ডি এৰ অংশীদাৰ হোৱাৰ ক্ষেত্ৰত ইউ পি পি এলক এন ডি এৰ পৰা বাদ দিয়াৰ চৰ্ত আৰোপ কৰিছিল। তাৰ পাছতেই আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এন ডি এত বি পি এফ আৰু ইউ পি পি এল একেলগে থাকিব নোৱাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। 

অৱশ্যে তেওঁ ইউ পি পি এলক এন ডি এৰ পৰা আঁতৰাই বি পি এফক আদৰিব নে ইউ পি পি এলক এন ডি এৰ অংশীদাৰ কৰিয়েই ৰাখিব সেই সন্দৰ্ভত কোনো কথা স্পষ্টকৈ কোৱা নাই। সেয়ে বিজেপিৰ সৈতে মিত্ৰতা কৰি বিটিচি চৰকাৰ গঠন কৰিলে দুগৰাকী বিজেপিৰ সদস্যই কাৰ্যবাহী সদস্য হিচাপে শপত লোৱাৰ বিষয়টো এই মুহূৰ্তত অস্পষ্ট হৈয়ে আছে।

উল্লেখ্য যে, বি টি চিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন নৱ-নিৰ্বাচিত পৰিষদীয় চৰকাৰখনৰ শপত গ্ৰহণ সমাৰোহক শুভেচ্ছা জনাইছে বিভিন্ন দল সংগঠনেও৷ বিভিন্ন জাতি, জনগোষ্ঠী তথা ধৰ্মীয়, সাহিত্য, সামাজিক সংগঠনে হাগ্ৰামা মহিলাৰী আৰু বি পি এফলৈ শুভেচ্ছা জনাই বিটিচিত সকলো জাতি-জনগোষ্ঠীক আস্থা আৰু বিশ্বাসক লৈ চৰকাৰখনে সৰ্বাংগীন বিকাশ সাধন কৰিব বুলি আশা প্ৰকাশ কৰিছে। 

মন কৰিবলগীয়া যে, ইতিমধ্যে বি টি চিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন নতুন চৰকাৰখনক আদৰণি জনাবলৈ বি টি চি সচিবালয়ক নতুনকৈ সজাই তোলা হৈছে ৷ সচিবালয়ৰ মুখ্য প্ৰৱেশদ্বাৰ, চৌহদ, ৰাস্তা-ঘাট, দেৱাল আদিত নতুন ৰং সানি দিয়া হৈছে। এই শপতগ্ৰহণ অনুষ্ঠানত দৰ্শকৰ আসনত প্ৰায় ১৫ হাজাৰ লোক উপস্থিত থাকিব বুলিও জানিব পৰা গৈছে।

হাগ্ৰামা মহিলাৰী কোকৰাঝাৰ বি পি এফ