ধুবুৰীত ছহিদ দিৱস পালন...

সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ উপৰি ১০ ডিচেম্বৰ ২০২৫ বুধবাৰে ধুবুৰীতো ছহিদ দিৱস পালন কৰা হয়। ধুবুৰী জিলা প্রশাসনৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ধুবুৰী চহৰৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ খেলপথাৰত অনুষ্ঠিত এক গাম্ভীৰ্য পূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় ছহিদ দিৱস।

author-image
Asomiya Pratidin
New Update
445

ডিজিটেল সংবাদ, ধুবুৰী : অসমৰ বিভিন্ন প্ৰান্তৰ উপৰি ১০ ডিচেম্বৰ ২০২৫ বুধবাৰে ধুবুৰীতো ছহিদ দিৱস পালন কৰা হয়। ধুবুৰী জিলা প্রশাসনৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ধুবুৰী চহৰৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ খেলপথাৰত অনুষ্ঠিত এক গাম্ভীৰ্য পূৰ্ণ পৰিৱেশত পালন কৰা হয় ছহিদ দিৱস।

ছহিদ দিৱসৰ কাৰ্যসূচীত ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ, জিলা প্ৰশাসনৰ আমোলা-বিষয়া, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডা০ দেৱময় সান্যাল, ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা, বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত কুমাৰ ৰায় অসম আন্দোলনৰ সক্ৰিয় কৰ্মী উদয়ন চক্ৰৱৰ্তী, বিশ্বজিৎ কলিতা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু স্থানীয় বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰুসকল উপস্থিত থাকে। আজিৰ এই কাৰ্যসূচীত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ছহিদ দিৱসৰ পৱিত্ৰ ক্ষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছহিদ স্মাৰক ক্ষেত্ৰৰ শুভ উদ্বোধনী অনুষ্ঠানৰ "লাইভ" সম্প্ৰচাৰো প্ৰদৰ্শন হয়।

উদ্ধোধনী কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মনোগ্ৰাহী বক্তব্যই কাৰ্যসূচীত উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয়। উল্লেখ্য যে, এই দিৱসৰ কাৰ্যসূচীত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কালজয়ী গীত "ছহিদ প্ৰণামো তোমাক" শীৰ্ষক গীতেৰে এহেজাৰ শিল্পীয়ে জাতিৰ বাবে প্ৰাণ আহুতি দিয়া ছহিদসকলক শ্ৰদ্ধাঞ্জলি জনায়।

অনুষ্ঠানৰ শেষত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। উল্লেখ্য যে, আজি অসম গণ পৰিষদ দলৰ ধুবুৰীস্থ কাৰ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে ছহিদ দিৱস উদযাপিত হয়।

ছহিদ দিৱস