পশ্চিম কাৰ্বি আংলঙৰ হামৰেণ সদৰতো শ্বহীদ দিৱস উদযাপন

পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ মুঠ ১৪ গৰাকী শ্বহীদৰ পৰিয়ালৰ লোকক সম্বৰ্ধনা জনাই জিলা আয়ুক্ত সাৰংঙ্গপানী শৰ্মাই। শ্বহীদ দিৱস অনুষ্ঠানত জিলাখনৰ বহু গন্য মান্য লোক উপস্থিত থাকে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  সমগ্ৰ ৰাজ্যৰ‌‌ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণ সদৰতো উদযাপন কৰা হয় শ্বহীদ দিৱস।  হামৰেণ স্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে শ্বহীদ দিৱস। দেশমাতৃৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদক স্মৰণ কৰি "শ্বহীদ তৰ্পণ"ৰ লগতে শ্বহীদ "প্ৰণামো তোমাক গীতে"ৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয় । 

উক্ত অনুষ্ঠানত পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ মুঠ ১৪ গৰাকী শ্বহীদৰ পৰিয়ালৰ লোকক  সম্বৰ্ধনা জনাই জিলা আয়ুক্ত সাৰংঙ্গপানী শৰ্মাই।শ্বহীদ দিৱস অনুষ্ঠানত জিলাখনৰ  বহু গন্য মান্য লোক উপস্থিত থাকে। 

পশ্চিম কাৰ্বি আংলং