/asomiyapratidin/media/media_files/2025/03/01/w3aVoF8mkhliwq8pEWXL.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ অংগদানৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে মালিগাঁওস্থিত স্বাগত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ চিকিতসৰ দলে এজন মৃত ব্যক্তিৰ দুটাকৈ বৃক্ক সফলভাৱে অস্ত্ৰোপচাৰ কৰি উলিয়াই।
উত্তম দে নামৰ লোকজনৰ মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালৰ বৃক্ক আৰু যকৃত দান কৰাৰ দয়ালু সিদ্ধান্তৰ বাবে অংগদানৰ এই মহৎ কাৰ্য সম্পন্ন হয়। হাস্পতাল কৰ্তৃপক্ষৰ পৰা পোৱা তথ্য অনুসৰি যকৃতটো পুনৰ সংস্থাপনৰ বাবে অনুপযুক্ত আছিল কিন্তু ২৮ ফেব্ৰুৱাৰীত অস্ত্ৰোপচাৰৰ জৰিয়তে দুটা সুস্থ বৃক্ক ক্ষিপ্ৰতাৰে উলিওৱা হয়।
১ মাৰ্চৰ পুৱা আৰক্ষীৰ দ্বাৰা পৰিচালিত সেউজীয়া কৰিড'ৰৰ জৰিয়তে অংগসমূহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়। তাত চিকিৎসকৰ বৃক্ক দুটা দুজনকৈ ৰোগীৰ দেহত সফলতাৰে সংস্থাপন কৰে। জানিব পৰা মতে, দুয়োজন ৰোগী বৰ্তমান সুস্থ।
উল্লেখ্য যে, স্বাগত হাস্পতালৰ অস্ত্ৰোপচাৰ বিভাগৰ মুৰব্বী অধ্যাপক সুভাষ খান্না আৰু ডাঃ আয়ুষমান খান্নাৰ নেতৃত্বত ১৫ জনতকৈ অধিক বিশেষজ্ঞৰ দলে এই জটিল প্ৰক্ৰিয়াটো সম্পন্ন কৰি দুজনকৈ লোকৰ প্ৰাণ ৰক্ষা কৰে।