চিকিৎসা বিজ্ঞানৰ নবেল বঁটা ঘোষণা...

স্বন্তে পাবোলৈ ২০২২ বৰ্ষৰ নবেল বঁটা...

author-image
Asomiya Pratidin
New Update
চিকিৎসা বিজ্ঞানৰ নবেল বঁটা ঘোষণা...

NOBEL

ডিজিটেল ডেস্কঃ ২০২২ বৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ নবেল বঁটা ঘোষণা কৰা হৈছে। এইবাৰ এই বঁটা লাভ কৰিছে চিকিৎসা বিজ্ঞানী স্বন্তে পাবোৱে। পাবোৱে concerning the genomes of extinct hominins and human evolution শীৰ্ষক আৱিস্কাৰৰ বাবে এই বঁটা লাভ কৰিছে।

Advertisment

চুইডেনৰ কাৰোলিন্সকা ইনষ্টিটিউটৰ নবেল এচেম্বলীয়ে এই বঁটা ঘোষণা কৰিছে। নবেল এচেম্বলীৰ মতে স্বান্তে পাবোৱে এক অসম্ভৱক সম্ভৱ কৰি তুলিছে। তেওঁ নিজৰ গৱেষণাৰ সময়ত আজিৰ মানুহৰ বৰ্তমান বিলুপ্ত পূৰ্বপুৰুষ প্ৰজাতি নিয়াণ্ডাৰথালৰ জিনমক্ৰম অনুসৰণ কৰিছিল। ইয়াৰ নাম ডেনিছোভা।

গৱেষণাৰ জৰিয়তে পাবোৱে জানিব পাৰিছে যে ৭০,০০০ বছৰ আগতে আফ্ৰিকাৰ পৰা প্ৰব্ৰজনৰ ফলত বিলুপ্ত পূৰ্বপুৰুষৰ পৰা আজিৰ মানুহলৈ জিন স্থানান্তৰ হৈছিল যাক হোমো চেপিয়েন্স বুলি কোৱা হয়। মানুহৰ ক্ষেত্ৰত জিনৰ এই বিস্তাৰ অতি গুৰুত্বপূৰ্ণ।জিনৰ এই বিস্তাৰে নিৰ্ধাৰণ কৰে আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে সংক্ৰমণৰ প্ৰতি কেনেদৰে সঁহাৰি দিয়ে।

NOBEL AWARD svante paabo