/asomiyapratidin/media/media_files/2025/10/12/ujjjss-2025-10-12-11-47-20.jpg)
ডিজিটেল সংবাদ, হাজোঃ শুৱালকুছি নদী আৰক্ষী বিষয়া সোণ শৰ্মাৰ বিৰুদ্ধে এজাহৰ দাখিল হাজোৰ এটি দুৰ্ভাগীয়া পৰিয়ালৰ। পুনৰ খাকী পোছাকত কলঙ্ক আনিলে এগৰাকী আৰক্ষী বিষয়াই।শুৱালকুছি নদী আৰক্ষী বিষয়া সোণ শৰ্মাই লগালে খাকী পোছাকত দাগ।
হাজোৰ এটি দূৰ্ভাগীয়া পৰিয়ালে আৰক্ষী বিষয়া সোণ শৰ্মাৰ বিৰুদ্ধে আনিলে এক গুৰুতৰ অভিযোগ।উল্লেখ্য যোগ্য যে হাজোৰ ৰোচমান আলী নামৰ যুৱক জনক ভূমি কেন্দ্ৰিক সংঘাতৰ বাবেই হত্যা কৰিছিল কেইবাজনো।
হাজো থানাৰ অন্তৰ্গত পণ্ডিতৰ পাম নামৰ ঠাই দৰাত হত্যা কৰা হৈছিল ৰোচমান আলী নামৰ যুৱক জনক।কিন্তু ৰহস্য জনক ভাবে শুৱালকুছি নদী আৰক্ষীয়ে কোনো ধৰনৰ আইনী ব্যবস্থ্য নোলোৱাকৈ মৃতদেহ উঠাই অনাৰ গুৰুতৰ অভিযোগ ৰোমান আলীৰ পৰিয়ালৰ।