আৰম্ভ হ'ল চন্দ্ৰগ্ৰহণৰ 'সুতক কাল'....

কিছুসময়ৰ পাছতে আৰম্ভ হব চন্দ্ৰগ্ৰহণ। আজিৰ চন্দ্ৰগ্ৰহণ ধৰ্মীয় আৰু জ্যোতিৰ্বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-07 at 5.45.59 PM

ডিজিটেল ডেস্কঃ কিছুসময়ৰ পাছতে আৰম্ভ হব চন্দ্ৰগ্ৰহণ। আজিৰ চন্দ্ৰগ্ৰহণ ধৰ্মীয় আৰু জ্যোতিৰ্বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। ভাৰতৰ দৰে দেশত গ্ৰহণ কেৱল জ্যোতিৰ্বিজ্ঞানৰ ঘটনাই নহয়, ই বিশ্বাস, পৰম্পৰা আৰু আধ্যাত্মিক চেতনাৰ সৈতে জড়িত। এই গ্ৰহণ ভাৰতকে ধৰি বহু দেশত গ্ৰহণ দৃশ্যমান হব আৰু ইয়াৰ সমান্তৰালকৈ সুতক কালো পালন কৰা হ’ব। 

সুতক কালক এনে এক অশুভ সময় বুলি গণ্য কৰা হয় য’ত পূজা, খাদ্য আৰু শুভ কাম নিষিদ্ধ থাকে। গ্ৰহণ আৰম্ভ হোৱা ৯ ঘণ্টা আগৰ পৰা সুতক কাল আৰম্ভ হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই সময়ছোৱাত বায়ুমণ্ডলত ঋণাত্মক শক্তি অধিক সক্ৰিয় হৈ পৰে কাৰণ ৰাহু আৰু কেতু গ্ৰহই চন্দ্ৰক প্ৰভাৱিত কৰে। যাৰবাবে এই সময়খিনিক অশুভ সময় বুলি গণ্য কৰা হয়। এই সময়ছোৱাত পূজা, খাদ্য, সজ্জা আৰু যিকোনো শুভ কাম নিষিদ্ধ বুলি গণ্য কৰা হয়। এই সময় আধ্যাত্মিক অনুশীলন, জপ, ধ্যান আৰু আত্মনিৰীক্ষণৰ বাবে উপযোগী। লোকবিশ্বাস অনুসৰি এই সময়ছোৱাত কি কৰিব কি নকৰিবঃ-

কি কৰা অনুচিত

  • চুলি আৰু নখ কাটিব নালাগে
  • বিবাহ, মুণ্ডন বা গৃহ প্ৰৱেশৰ দৰে কোনো ধৰ্মীয় বা শুভ কাৰ্য্য সম্পাদন কৰিব নালাগে
  • মন্দিৰৰ দুৱাৰ বন্ধ ৰাখিব লাগে
  • গৰ্ভৱতী মহিলাই বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে


কি কৰা উচিত

  • ওম নমহ শিবায়, ওম গণ গণপতায়ে নমাহ আদি মন্ত্ৰ জপ কৰক।
  • শিশু সুৰক্ষা মন্ত্ৰ বা বিশেষ শান্তি মন্ত্ৰ জপ কৰক।
  • গীতা, ৰামচৰিতমানস বা দুৰ্গা চলিছা আদি ধৰ্মীয় গ্ৰন্থ পাঠ কৰক।
  • সম্ভৱ হ’লে মৌনতা বজাই ৰাখক ।
  • নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক আৰু ইতিবাচক চিন্তা কৰক। 
  • এই সময়ত এজন ব্যক্তিয়ে নিজৰ আচৰণ আৰু দৈনন্দিন কাম-কাজত বিশেষ সংযম ৰাখিব লাগে

গ্ৰহণ শেষ হোৱাৰ পাছত কি কৰিবঃ-

  • গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব
  • ঘৰ আৰু পূজাস্থলী পৰিষ্কাৰ কৰক
  • ঈশ্বৰক খাদ্য অৰ্পণ কৰিব
  • বাকী থকা খাদ্যখিনি পেলাই দিব
  • আৰ্তজনক খাদ্য, কাপোৰ বা দক্ষিণা দান কৰক

অৱশ্যে এই তথ্যসমূহ লোক বিশ্বাস আৰু জ্যোতিষৰ ওপৰতহে আধাৰিত। 

চন্দ্ৰগ্ৰহণ