সুত সন্মিলনৰ উদ্যোগত শ্ৰী শ্ৰী ৰোমহৰ্ষণ সুত দেৱৰ জন্মোৎসৱ অনুষ্ঠান সম্পন্ন

সদৌ অসম সুত সন্মিলনৰ উদ্যোগত মৰিগাঁও জিলা সুত সন্মিলনৰ সহযোগত পূৰাণ সূৰ্য মহাভাগৱত প্ৰৱক্তা শ্ৰী শ্ৰী ৰোমহৰ্ষণ সুত দেৱৰ জন্মোৎসৱ অনুষ্ঠানটি বৰ্ণ্যাঢ্য কাৰ্যসূচীৰে বেবেজীয়াৰ পশ্চিম প্ৰান্তৰ কপাহেৰাত অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
cvcvcvcv

ডিজিটেল সংবাদ, বেবেজীয়াঃ দেওবাৰে সদৌ অসম সুত সন্মিলনৰ উদ্যোগত মৰিগাঁও জিলা সুত সন্মিলনৰ সহযোগত পূৰাণ সূৰ্য মহাভাগৱত প্ৰৱক্তা শ্ৰী শ্ৰী ৰোমহৰ্ষণ সুত দেৱৰ জন্মোৎসৱ অনুষ্ঠানটি বৰ্ণ্যাঢ্য কাৰ্যসূচীৰে বেবেজীয়াৰ পশ্চিম প্ৰান্তৰ কপাহেৰাত অনুষ্ঠিত হয়।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সুত সন্মিলনৰ প্ৰতিনিধি সকলৰ উপস্থিতিত পুৱা বন্তি প্ৰজ্বলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে সমাজকৰ্মী ৰোহিত সুতে। ইয়াৰ পিছতে পতাকা উত্তোলন কৰে সদৌ অসম সুত সন্মিলনৰ সভাপতি তথা 'কলিজাৰ আই'ৰ স্ৰষ্টা দিলীপ বৰাই। নামাচাৰ্য হৰেন বৰাৰ নেতৃত্বত নাম প্ৰসংগ কৰা হয়। এই অনুষ্ঠানত শুক্লেশ্বৰ সুতে ভাগৱত পাঠ কৰে।

WhatsApp Image 2025-09-07 at 6.53.35 PM

দুপৰীয়াভাগত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাখন উদ্বোধন কৰি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিটোক ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰি থৈ গ'ল। তাৰ বাবে তেওঁ যুগে যুগে বন্দিত হৈ থাকিব। বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰপূৰ অসমখনত সকলোৱেই স্বকীয়তাৰে আৰু স্বাভিমানৰে জীয়াই থাকিব লাগিব। আমি গুৰুজনাৰ আদৰ্শৰে সকলো জাতি জনগোষ্ঠীৰ ঐক্য-সমন্বয়ৰ লগতে আধ্যাত্মিক আৰু গণচেতনাৰে বৃহৎ অসমীয়া জাতি গঢ়িব লাগিব।'  

বিধায়ক দেউৰীয়ে সুত সকলৰ ইতিহাস,অসমৰ সমাজ জীৱনলৈ তেওঁলোকৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰি নৱপ্ৰজন্মক এই বিষয়ে জনাবলৈ সন্মিলনৰ নেতৃত্বক আহ্বান জনায়। মৰিগাঁও জিলা সুত সন্মিলনৰ সম্পাদক দীপেন বৰাই আঁত ধৰা সভাখনত সুত সন্মিলনৰ মুখ্য উপদেষ্টা সৰ্বেশ্বৰ বৰুৱা, সুত সন্মিলনৰ কেন্দ্ৰীয় সম্পাদক প্ৰদীপ কুমাৰ বৰাকে ধৰি কেইবাজনো গণ্য মান্য ব্যক্তিয়ে সুত জাতিৰ ইতিহাস সম্পৰ্কে বাখ্যাৰে ভাষণ প্ৰদান কৰে।

WhatsApp Image 2025-09-07 at 6.54.03 PM

ইফালে, সন্মিলনৰ সভাপতি অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান তথা বিশিষ্ট সাহিত্যিক দিলীপ বৰাই মুকলি সভাত সভাপতিত্ব কৰি অসমীয়া জাতিৰ এক বৃহৎ জনগোষ্ঠী সূত সকলৰ অসমীয়া সমাজ জীৱনৰ সকলো ক্ষেত্ৰতে অশেষ অৱদান আছে বুলি মন্তব্য কৰে ৷ তেওঁ স্বাধীনতা সংগ্ৰামৰ অগ্ৰনী সেনানী বঢ়মপুৰৰ ঠগীৰাম সূত আৰু অন্যান্যসকলৰ বলিদানৰ কথা সাহিত্যিক বৰাই শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে জাতি গঠন আৰু অসমীয়া সমাজৰ সামগ্ৰিক উন্নয়নৰ কাৰণে আনৰ লগতে সূত সকলৰ নৱপ্ৰজন্মকো কঁকালত টঙালী বান্ধি ওলাই আহিবলৈ আহবান জনায় ৷ 

আনহাতে, টংকেশ্বৰ সুতে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত শিল্পী প্ৰিয়াৰাণী বৰা,বন্দনা বৰাৰ বৰগীত পৰিবেশনেৰে সভাখনি জীপাল কৰি তোলে ।সভাত অধ্যাপিকা ডঃ পাৰুল শইকীয়া,শিক্ষাবিদ লাহেশ্বৰ বৰদলৈ,সমাজকৰ্মী কমল বৰা,দুলাল বৰা,ভকতগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী বৰ্ণালী ডেকা,ভকতগাঁও গাও পঞ্চায়তৰ উপসভাপতি বিদ্যুৎ বৰা, সমাজকৰ্মী  শান্তনু বৰাকে ধৰি বহু ব্যক্তি উপস্থিত থাকে ।সন্ধিয়া বন্তি প্ৰজ্বলনৰে অনুষ্ঠানৰ সামৰণি পৰে। সূত সন্মিলনৰ উদ্যোগত কেন্দ্ৰীয় অনুষ্ঠানটি সুকলমেই সম্পন্ন হোৱা বাবে অভ্যৰ্থনা সমিতিৰ সম্পাদক শান্তনু বৰাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

বেবেজীয়া