/asomiyapratidin/media/media_files/2025/08/21/137-2025-08-21-12-49-03.jpg)
ডিজিটেল সংবাদ, ডবকা : ডবকাৰ মোৰাঝাৰৰ সন্দেহজনক পাকিস্তানী নাগৰিকক আটকৰ পিছতে পোহৰলৈ আহিছে ন ন তথ্য। সন্দেহজনক আবুল কালামে দাবী কৰা মতে তেওঁৰ পিতৃ আব্দুৰ ৰৌফক আটক কৰে আৰক্ষীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/21/w-2025-08-21-13-33-58.jpeg)
আনহাতে ভুৱা পাচপোৰ্ট প্ৰস্তুত কৰা ফখৰ উদ্দিন লস্কৰ নামৰ দালালটোকো আটক কৰে মোৰাঝাৰ আৰক্ষীয়ে। দালালটোৱে ৭ হাজাৰ টকাৰ বিনিময়ত পাচপোৰ্ট প্ৰস্তুত কৰা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/21/whatsa-2025-08-21-13-34-12.jpeg)
লগতে আবুল কালামৰ পাকিস্তানত লিংক থকাৰ সম্ভেদ পাইছে আৰক্ষীয়ে। পাৰপত্ৰখনত পাকিস্তানৰ ভিছা লগোৱা থকাৰ কথাও আহিছে পোহৰলৈ। ইতিমধ্যে ঘটনাটোৰ সম্পৰ্কত হোজাই আৰক্ষী অধীক্ষকে উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে ৷
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us